/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/d1f5d478-90c5-4b66-8764-f57a89621156/AMIT_SHAH_03.jpg)
AMIT SHAH
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখত পুনৰ জনজাতীৰ প্ৰসংগ। কেইদিনমান পূৰ্বে দেশৰ কেইবাটাও জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাৰ বাবে এতিয়াও ৰাজ্যৰ পৰিৱেশ উত্তাল হৈ আছে। প্ৰায় প্ৰতিদিনেই ৬ জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদাৰ বাবে আন্দেোলন হৈছে। অৱশ্যে তাৰ মাজতে ৰাজ্য চৰকাৰে এই জনগোষ্ঠীসমূহৰ ঐক্যমঞ্চৰ নেতৃত্বৰে বৈঠক অনুষ্ঠিত হৈ গৈছে।
জম্মু-কাশ্মীৰ ভ্ৰমণত অৱস্থাত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজৌৰীত ঘোষণা কৰিছে যে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ গুজ্জৰ আৰু বাকাৰৱালাৰ উপৰিও পাহাৰীয়া সম্প্ৰদায়ে শীঘ্ৰেই জনজাতিৰ মৰ্যাদা লাভ কৰিব বুলি ঘোষণা কৰিছে। ইয়াৰ উপৰিও এই তিনিটা জনগোষ্ঠীৰ লোকৰ বাবে শিক্ষা আৰু চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও প্ৰকাশ কৰিছে।
ৰাজৌৰীৰ এখন সভাত অমিত শ্বাহে কয় যে, লেফটেনেণ্টে গৰ্ভৰ্ণৰে গঠন কৰা আয়োগে এই সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিছে। য’ত গুজ্জৰ বাকাৰৱাল আৰু পাহাৰীয় সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। এই পৰামৰ্শ শীঘ্ৰেই কাৰ্যকৰী কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰিছে।
গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ ৰ অধীনৰ বিশেষ মৰ্যাদা আঁতৰোৱাৰ পিছতহে সংৰক্ষণ সম্ভৱ হৈ পৰিছে। বিশেষ মৰ্যাদা আঁতৰাই দিয়াৰ ফলত সংখ্যালঘু, দলিত, জনজাতীয়, পাহাৰীয়া লোকসকলে তেওঁলোকৰ অধিকাৰ লাভ কৰিব।
উল্লেখ্য যে যদিহে জম্মু-কাশ্মীৰৰ পাহাৰীয়া লোকসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় তেন্তে ভাৰতত এটা ভাষিক গোটক সংৰক্ষণ দিয়াৰ এইটোৱেই হ’ব প্ৰথম উদাহৰণ। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংসদত সংৰক্ষণ আইনো সংশোধন কৰিব লাগিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে সন্ধিয়া জম্মু-কাশ্মীৰত আহি উপস্থিত হৈছে। মঙ্গলবাৰে জম্মুৰ ৰাজৌৰী জিলাত এখন সভা সম্বোধন কৰাৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে পুৱা কাটৰাৰ বৈষ্ণো দেৱী মন্দিৰত প্ৰাৰ্থনা কৰে।
তেওঁৰ সৈতে জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং উপস্থিত থাকে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী হোৱাৰ পিছত বৈষ্ণো দেৱী মন্দিৰলৈ অমিত শ্বাহৰ এয়া প্ৰথম ভ্ৰমণ। বুধবাৰে তেওঁ উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাত এক ৰেলীসম্বোধন কৰিব।