/asomiyapratidin/media/media_files/2025/05/04/2yiqY2rR71gn1inTKOI4.jpg)
ডিজিটেল ডেস্কঃ পৰমাণু ক্ষেপনাস্ত্ৰৰে ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি দিছে পাকিস্তানে। যদিহে ভাৰতে পাকিস্তান আক্ৰমণ আৰু সিন্ধু নদীৰ পানী একেবাৰে বন্ধ কৰি দিয়ে, তেতিয়া পাকিস্তানে ভাৰতৰ ওপৰত পৰমাণু ক্ষেপনাস্ত্ৰৰে আক্ৰমণ কৰিব। এই ভাবুকি প্ৰদান কৰিছে পাকস্তানী ৰাষ্ট্ৰদূতৰ।
পাকিস্তানৰ ৰাষ্ট্ৰদূত মহম্মদ খালিদ জামালীয়ে পাকিস্তানৰ এটা টিভি চেনেলত দিয়া সাক্ষাতকাৰত ভাৰতক উদ্দেশ্যি এই ভাবুকি প্ৰদান কৰিছে। খালিদৰ এই বক্তব্য এতিয়া বিশ্বজুৰি তীব্ৰ চৰ্চা হৈছে। কিয়নো ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ হাতত মজুত আছে পাৰমাণৱিক ক্ষেপনাস্ত্ৰ।
দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা প্ৰত্যক্ষ যুদ্ধত কেতিয়াও এনে অস্ত্ৰ ব্যৱহাৰ হোৱা নাই। যদিহে হয়, তেনে ইয়াৰ অৱস্থা হব পাৰে জাপানাৰ হিৰোচিমা আৰু নাগাছাকিৰ দৰে। বৈশ্বিক স্তৰত দাবী উঠিছে যে, পাকিস্তানী ৰাষ্ট্ৰদূত গৰাকীয়ে দিয়া এই বক্তব্যৰ স্পষ্টীকৰণ দিব লাগে পাক চৰকাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২২এপ্ৰিলত পহলগামত সংঘটিত হোৱা নাৰকীয় ঘটনাৰ সৈতে পাকিস্তানৰ লগতে চীন জড়িত থকাৰ তথ্য লাভ কৰিছে ভাৰতীয় তদন্তকাৰীয় সংস্থাই। তাৰ পিছতো পাকিস্তানে নিজৰ ভুল স্বীকাৰ নকৰি ওলোটাই ধাৰাবাহিকভাৱে ভাবুকি প্ৰদান কৰি আহিছে ভাৰতক।