/asomiyapratidin/media/media_files/2025/04/30/woOmaS0kE3hQ7lK1vRKe.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ আক্ৰমণৰ ভয়ত পাকিস্তানৰ টোপনি খতি। মঙলবাৰে নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰী, সেনা প্ৰধানৰ লগতে মন্ত্ৰী পৰিষদৰ সকলোৱে উজাগৰি থাকি পুৱতি নিশালৈকে বিভিন্ন বৈঠকৰ আয়োজন কৰে। তাত পাকিস্তানৰ সুৰক্ষাগত ভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে দিনৰ ভাগত ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে ভাৰতীয় সেনাৰ তিনিওগৰাকী সেনা প্ৰধানৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকতে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সেনাক পূৰ্ণ কৰ্তৃৰ্ত্ব প্ৰদান কৰিছিল ভাৰত চৰকাৰে। তাৰ পাছতে টোপনি নাই পাকিস্তানৰ।
ভাৰত-পাক সীমান্তত ভাৰতৰ ৰাফেল বিমানৰ উৰণ দেখি কম্পমান হোৱা পাকিস্তানে সঘনাই অনুষ্ঠিত কৰিছে বৈঠক। ভিন্ন মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ভাৰতে আক্ৰমণ কৰিলে নিজকে কিদৰে ৰক্ষা কৰিব তাক লৈ যো জা কৰিছে পাকিস্তানে।
পাক প্ৰধানমন্ত্ৰী আৰু অন্যান্য উচ্চ বিষয়াসকলৰ বাবে আচুতীয়া বাংকাৰৰো ব্যৱস্থা কৰিছে পাক সেনাই। পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে মঙলবাৰে নিশা উজাগৰে থাকি এই সকলোবোৰ সুৰক্ষাগত দিশৰ তন্ন তন্নকৈ বুজ লয়।