পেহেলগাম ট্ৰেজেদিঃ প্ৰথমে সোধা হৈছিল নাম-ধৰ্ম, তাৰপিছতে নিৰ্বিচাৰে গুলীচালনা...

প্ৰায় ৪ৰপৰা ৬জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ সৈতে হিন্দী ভাষাত কথা পাতিছিল। পৰ্যটকৰ পোছাক খুলি দলটোৱে ধৰ্ম পৰীক্ষা কৰি গুলীচালনা কৰিছিল...

author-image
Asomiya Pratidin
New Update
XVXCV

ডিজিটেল ডেস্কঃ  জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ মৃতকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে। ইতিমধ্যে আহত সকলক চিকিতসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া ট্ৰেকিংলৈ যোৱা এদল পৰ্যটকক লক্ষ্য কৰি লৈছিল এটা সন্ত্ৰাসবাদী দলে।

Advertisment

পেহেলগামৰ বৈছাৰণ উপত্যকাত থকা এদল পৰ্যটকৰ কাষলৈ আহি তেওঁলোকক নাম-ধৰ্ম সোধাৰ লগতে ইছলামৰ মূল বাক্য “লা ইলাহ ইল্পিল্পাহ, মহম্মদ ৰসূলিল্লাহ পাঠ কৰিবলৈ কৈছিল। পাঠ কৰিব নোৱাৰা সকলৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল সন্ত্ৰাসবাদী দলটোৱে।

প্ৰায় ৪ ৰপৰা ৬জনীয়া সন্ত্ৰাসবাদী দলটোৱে পৰ্যটকসকলৰ সৈতে হিন্দী ভাষাত কথা পাতিছিল। পৰ্যটকৰ পোছাক খুলি দলটোৱে ধৰ্ম পৰীক্ষা কৰা বুলিও সূত্ৰই প্ৰকাশ কৰিছে। ইফালে ঘটনা সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা পলায়ন কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে।

উল্লেখ কৰা প্ৰয়োজন যে, দা ৰেচিচিটেন্স ফ্ৰ'ন্ট নামৰ পাক-সন্ত্ৰাসবাদী সংগঠনটোৱে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। এই দলটো লস্কৰ-ঈ-তৈবাৰ ভগ্নী সংগঠন। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত শ্ৰীনগৰত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ।

আজিৰ এই ঘটনাত শোক প্ৰকাশ কৰিছে মাৰ্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে। তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট দি নিহতসকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে। লগতে এই আক্ৰমণক অত্যন্ত মৰ্মান্তিক বুলি অভিহিত কৰিছে। 

পেহেলগাম