ভয়ত কম্পমান হৈ থকা পাকিস্তানে ভাৰতক দিলে উৰুৱাই দিয়াৰ ভাবুকি...

যুদ্ধলৈ আমি ভয় নকৰো। পৰমাণু বোমাৰে আমিও উৰুৱাই দিব পাৰো ভাৰতক।- ভাৰতে পাকিস্তানৰ ওপৰত ভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত ভয়ত কম্পমান হৈ থকা পাক চৰকাৰে শেহতীয়াকৈ এনে ভাবুকি প্ৰদান কৰিছে ভাৰতক।

author-image
Asomiya Pratidin
New Update
yuuuusssss

ডিজিটেল ডেস্কঃ যুদ্ধলৈ আমি ভয় নকৰো। পৰমাণু বোমাৰে আমিও উৰুৱাই দিব পাৰো ভাৰতক।- ভাৰতে পাকিস্তানৰ ওপৰত ভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত ভয়ত কম্পমান হৈ থকা পাক চৰকাৰে শেহতীয়াকৈ এনে ভাবুকি প্ৰদান কৰিছে ভাৰতক।

Advertisment

পাকিস্তান চৰকাৰৰ ৰেল মন্ত্ৰী হানিফ আব্বাছীয়ে এই ভাবুকি প্ৰদান কৰিছে ভাৰতক। মন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ পানী বন্ধ কৰি দিয়া ভাৰতে যুদ্ধৰ বাবে সাজু হওঁক। আমাৰ ওচৰত অন্যান্য উন্নত প্ৰযুক্তিৰ যুদ্ধ সজুঁলিৰৰ লগতে ১৩০পৰমাণু অস্ত্ৰ মজুত আছে। এই সকলো যুদ্ধ সামগ্ৰী ভাৰতৰ ফালে টোৱাই থোৱা আছে। গতিকে সাৱধান হওঁক হিন্দুস্তান। 

ৰেল মন্ত্ৰী গৰাকীৰ এই মন্তব্যক সমৰ্থন কৰি পাক চৰকাৰৰ এগৰাকী উপদেষ্টাই ভাৰতক পুনৰ ভাবুকি প্ৰদান কৰি কয় যে, যুদ্ধ যদি দীঘলীয়া হয়, তেন্তে পাকিস্তানে পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰি ভাৰতক উৰুৱাই দিয়াৰ ক্ষমতা আছে। যাৰ বাবে এতিয়া ভাৰত কম্পমান হৈ আছে। 

উল্লেখ কৰা প্ৰয়োজন যে, পাক চৰকাৰৰ দায়িত্বশীল পদত থকা এই দুই ব্যক্তিৰ মন্তব্যৰ পাছতে এতিয়া আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমতো এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। অৱশ্যে ভাৰতৰ ফালৰ পৰা এই মন্তব্যক লৈ এতিয়ালৈকে কোনো প্ৰত্যুত্তৰ প্ৰদান কৰা হোৱা নাই। 

ভাৰত-পাকিস্তান