ৰক্ষা নাইঃ কাশ্মীৰত পুনৰ ৩ সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰিলে সেনাই...

কোনো কাৰণতে ৰেহাই দিয়া নহ’ব সন্ত্ৰাসবাদৰ সৈতে জড়িতক। পেহেলগাম আক্ৰমণে জ্বলাইছে দেশ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক প্ৰকাৰে জেহাদ ঘোষণা কৰিছে দেশৰ সুৰক্ষা বাহিনীয়েও।

author-image
Tushar Pratim
New Update
ৰক্ষা নাইঃ কাশ্মীৰত পুনৰ ৩ সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰিলে সেনাই...

ডিজিটেল ডেস্কঃ কোনো কাৰণতে ৰেহাই দিয়া নহ’ব সন্ত্ৰাসবাদৰ সৈতে জড়িতক। পেহেলগাম আক্ৰমণে জ্বলাইছে দেশ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক প্ৰকাৰে জেহাদ ঘোষণা কৰিছে দেশৰ সুৰক্ষা বাহিনীয়েও। 

Advertisment

তাৰেই ফলশ্ৰুতিত শুকুৰবাৰ মধ্যৰাতিৰ পৰা শনিবাৰে পুৱালৈকে মুঠ ৩ টাকৈ সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰি দিলে সুৰক্ষা বাহিনীয়ে। ইয়াৰ লগে লগে কাশ্মীৰ উপত্যকাত যোৱা ৩৬ ঘণ্টাত ৫ টাকৈ সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰিলে সুৰক্ষা বাহিনীয়ে। তাৰোপৰি গ্ৰেপ্তাৰ কৰা হৈছে ৩ টাকৈ সন্ত্ৰাসবাদীক। 

কাশ্মীৰৰ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি শুকুৰবাৰে মধ্যৰাতি ৩ লস্কৰ-ই-তৈবাৰ ঘৰ ধ্বংস কৰিছে সেনাই। শুকুৰবাৰে নিশাই পুলৱামাৰ মুৰানত লস্কৰ-ই-তৈবাৰ সক্ৰিয় সন্ত্ৰাসবাদী ঈশান উল হকৰ ঘৰ ধ্বংস কৰে প্ৰশাসনে। 

একেদৰে ২০২৩ চনৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে সক্ৰিয় হৈ থকা জাকিৰ আহমেদ গানিৰো ঘৰ বিস্ফোৰণেৰে ধ্বংস কৰিছে সেনাই। শনিবাৰে পুৱা ছপিয়ানত সক্ৰিয় সন্ত্ৰাসবাদী ছহিদ আহমেদৰ ঘৰো ধ্বংস কৰে সেনাই। ছহিদ আহমেদ ২০০২ চনৰ পৰা লস্কৰ-ই-তৈবাৰ সৈতে জড়িত হৈ আছিল। 

অৱশ্যে এই তিনিওটা সন্ত্ৰাসবাদীয়েই পলাতক হৈ আছে। পেহেলগাম আক্ৰমণৰ সৈতে এই তিনি সন্ত্ৰাসবাদী জড়িত আছিল নে নাই সেয়া অৱশ্যে স্পষ্ট হোৱা নাই। 

উল্লেখ্য যে, যোৱা ৩৬ ঘণ্টাত কাশ্মীৰ উপত্যকাত পাঁচজন সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলোৱা হৈছে। তাৰ ভিতৰত আছে পহেলগামত আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদী আচিফ শ্বেখৰ ঘৰো।

মঙলবাৰে বিয়লি পেহেলগামৰ বাইছাৰণ ভেলিত আক্ৰমণ সংঘটিত কৰি ২৭ গৰাকী লোকৰ প্ৰাণ কাঢ়িছিল সন্ত্ৰাসবাদীয়ে। মুঠ চাৰি সন্ত্ৰাসবাদীয়ে চলোৱা সেই আক্ৰমণৰ ভিতৰত দুটা সন্ত্ৰাসবাদী আছিল কাশ্মীৰৰ স্থানীয় আৰু বাকী দুটা আছিল পাকিস্তানী।

আচিফ শ্বেখ কাশ্মীৰী উগ্ৰপন্থী। এই আক্ৰমণৰ সৈতে জড়িত আন এটা কাশ্মীৰ সন্ত্ৰাসবাদী আছিল আদিল। আদিলৰো ঘৰ ধ্বংস কৰিছে সেনাই। খবৰ অনুসৰি আদিলে ২০১৮ চনত পাকিস্তানলৈ গৈছিল।

এক দীঘলীয়া প্ৰশিক্ষণৰ পিছত যোৱা বছৰ কাশ্মীৰলৈ উভতি আহিছিল। আদিলে মঙলবাৰে পহেলগামত আক্ৰমণ সংঘটিত কৰাসকলক পথ প্ৰদৰ্শন কৰিছিল।

শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱা পৰ্যন্ত তিনি সন্দেহযুক্ত উগ্ৰপন্থীকো গ্ৰেপ্তাৰ কৰিছে সেনা আৰু সুৰক্ষা বাহিনীয়ে। ধাৰণা কৰা হৈছে ইয়াৰে দুটা সন্ত্ৰাসবাদী পহেলগাম আক্ৰমণত জড়িত বুলি ধাৰণা কৰা হৈছে।

তেওঁলোক আক্ৰমণকাৰী উগ্ৰপন্থীৰ সহযোগী। সংবাদ সংস্থা এ এন আইয়ে স্থানীয় আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি কয় যে, সন্ত্ৰাসবাদীৰ দুজন সহযোগী কুলগামত লুকাই থকাৰ খবৰ পোৱা গৈছিল। সেই অনুসৰি, নিশা অভিযান চলোৱা হৈছিল। দুয়োকে শনিবাৰে ৰাতিপুৱা গ্ৰেপ্তাৰ কৰা হৈছে। 

 

সন্ত্ৰাসবাদী পেহেলগাম জম্মু কাশ্মীৰ