ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মেশ্বৰ দিহিঙীয়াৰ মৃত্যুত শোক

ধেমাজিৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সমাজকৰ্মী, সাহিত্য সংগঠক পদ্মেশ্বৰ দিহিঙীয়াৰ বুধবাৰে পুৱা  আকস্মিকভাৱে মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মেশ্বৰ দিহিঙীয়াৰ মৃত্যুত শোক

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ ১ ৱাৰ্ডৰ নিবাসী তথা গোৱালচাপৰিস্থিত যোগেশ গোহাঁই উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, সাহিত্য সংগঠক পদ্মেশ্বৰ দিহিঙীয়া (৬৬) বয়সত বুধবাৰে পুৱা  আকস্মিকভাৱে মৃত্যু হোৱাৰ খবৰে ধেমাজি জিলাখনত গভীৰ শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য যে  দিহিঙীয়াই অন্য দিনাৰ দৰে আজিও পুৱা ৪ বজাতেই শুই উঠে। 

Advertisment

শুই উঠা পিছতেই তেওঁ সামান্য বুকুৰ বিষ অনুভৱ কৰে আৰু শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ সৃষ্টি হয়৷ এনে অৱস্থাৰ পিছতেই ততাতৈয়াকৈ পৰিয়ালে ধেমাজি নগৰৰ ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰে যদিও চিকিৎসাৰ কৰিবলৈ নৌপাওঁতেই মূহূৰ্ততেই মৃত্যুক সাৱটি লয়।  

ইপিনে তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগেই তেখেতৰ গুণমুগ্ধ লোকসকলৰ লগতে  ধেমাজিৰ বিশিষ্ট লোকসকলৰ উপৰিও বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে প্ৰয়াত দিহিঙীয়াৰ ঘৰত আহি উপস্থিত হয় আৰু ঘৰখনত এক শোকাকুলৰ পৰিবেশৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে প্ৰয়াত দিহিঙীয়াৰ নশ্বৰদেহ এখন বাহনেৰে আজীৱন সেৱা আগবঢ়োৱা অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা ধেমাজি সাহিত্য সভাৰ কাৰ্যালয়লৈ নিয়া হয়।

ধেমাজি সাহিত্য সভা, ধেমাজি জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ পৰা সাহিত্য সভাৰ পতাকা, গামোচা নশ্বৰদেহত অৰ্পণ কৰি অন্তিম শ্ৰদ্ধা জনোৱা হয়৷ এক শোকবিহ্বল পৰিৱেশত ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত চিৰিং, অসম সাহিত্য সভাৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দীপক ভৰালী,  ধেমাজি সাহিত্য সভাৰ উপসভাপতি উষা বৰগোহাঁই, সম্পাদক দীপেন ভিতৰুৱাল কোঁৱৰ,  ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলেন গগৈকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে শেষ শ্ৰদ্ধা জনায়৷ 

একে সময়তে ধেমাজিৰ বিভিন্ন দল-সংগঠনেও প্ৰয়াত দিহিঙীয়াৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন পিছতেই তেওঁৰ নশ্বৰদেহ এসময়ৰ কৰ্মস্থলী ধেমাজি গোৱালচাপৰিস্থিত যোগেশ গোহাঁই উচ্চ মাধ্যমিক বিদ্যালয়লৈ নিয়া হয় আৰু তাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে শোকাকুল পৰিৱেশত অন্তিম শ্ৰদ্ধা জনায়৷ইপিনে বিশিষ্ট সমাজকৰ্মীজনৰ আকস্মিক মৃত্যত ধেমাজিত গভীৰ শোকৰ ছাঁ পৰিছে৷ 

শিক্ষাবিদগৰাকীৰ মৃত্যুত ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি, ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদ, ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থা, ধেমাজি জিলা জাতীয় পৰিষদ, ধেমাজি জিলা টাই আহোম যুৱ পৰিষদ, ধেমাজি জিলা টাই সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, গোৱালচাপৰি শাখা সাহিত্য সভা, বৰদলনি শাখা সাহিত্য সভা, এৰাধল নৈপৰীয়া শাখা সাহিত্য সভা, তেলিজান শাখা সাহিত্য সভা, দক্ষিণ ধেমাজি শাখা সাহিত্য সভা, পদ্মনাথ গোহাঞি বৰুৱা একাংক নাট প্ৰতিযোগিতা সমিতি, প্ৰমোদ ভৱন পৰিচালনা সমিতি, ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, গোহাঁই গাঁও ৰঙালী বিহু সন্মিলন, লাচিত নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন, ধেমাজি জিলা অসম গণ পৰিষদে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷

উল্লেখযোগ্য যে আজীৱন শিক্ষাপ্ৰেমী পদ্মেশ্বৰ দিহিঙীয়াৰ জন্ম হৈছিল ধেমাজি নপাম গাঁৱত৷ তিলেশ্বৰ দিহিঙীয়া আৰু জুতুকী দিহিঙীয়াৰ জ্যেষ্ঠ সন্তান মেধাৱী পদ্মেশ্বৰ দিহিঙীয়াই স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতে ধেমাজি যোগেশ গোহাঁই উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি উক্ত বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ অসম সাহিত্য সাহিত্য সভাৰ কেইবাবাৰো কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰয়াত দিহিঙীয়া ধেমাজি জিলা সাহিত্য সভা আৰু ধেমাজি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি- সম্পাদক হিচাপে সাহিত্য সভাৰ প্ৰতি অমূল্য বৰঙণি আগবঢ়াই থৈ গৈছে৷ 

২০০৯ ৰ অসম সাহিত্য সভাৰ ধেমাজি অধিৱেশনৰ আদৰণি সমিতিৰ যুটীয়া সম্পাদকৰ দায়িত্ব পালন কৰা পদ্মেশ্বৰ দিহিঙীয়া ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থা, অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সংস্থাৰ সৈতে ওতঃপ্ৰোতঃভাবে জড়িত আছিল৷ বিভিন্ন কাকত-আলোচনী, স্মৰণিকাত বহুকেইটা লেখা প্ৰকাশ হোৱা বিশিষ্ট শিক্ষাবিদ,  সাহিত্য সংগঠক, সমাজকৰ্মী পদ্মেশ্বৰ দিহিঙীয়াই মৃত্যুৰ সময়ত  পত্নীৰ সৈতে, পুত্ৰ বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীকে ধৰি পৰিয়ালৰ অনেকজনক এৰি গৈছে৷

ধেমাজি