পদ্মশ্রী নৃত্যাচার্য যতীন গোস্বামীলৈ দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা

স্বনামধন্য শিল্পী যতীন গোস্বামীক প্রথম মাজুলীৰ মঞ্চত উঠাই গামোচা পিন্ধাই ৰাইজৰ ওচৰত চিনাকি কৰি দিয়া ব্যক্তিগৰাকীয়েই আছিল দ্রোণ ভাগৱতী, যি কথা যতীন গোস্বামীয়ে নিজমুখে স্বীকাৰ কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
d

ডিজিটেল সংবাদ,গুৱাহাটী:  অসমৰ বৰেণ্য শিল্পী, পদ্মশ্রী নৃত্যাচার্য যতীন গোস্বামীলৈ ২০২৪ বৰ্ষৰ দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা ঘোষণা কৰা হৈছে। দ্রোণ ভাগৱতী-পাৰুল ভাগৱতী স্মৃতি ন্যাসে প্রয়াত বৈষ্ণৱ পণ্ডিত, মাজুলীপ্রাণ দ্রোণ ভাগৱতীৰ ৯৫ সংখ্যক জন্ম দিৱসৰ প্ৰাকক্ষণত আজি এই বঁটা ঘোষণা কৰিছে। 

Advertisment

উল্লেখযোগ্য যে স্বনামধন্য শিল্পী যতীন গোস্বামীক প্রথম মাজুলীৰ মঞ্চত উঠাই গামোচা পিন্ধাই ৰাইজৰ ওচৰত চিনাকি কৰি দিয়া ব্যক্তিগৰাকীয়েই আছিল দ্রোণ ভাগৱতী, যি কথা যতীন গোস্বামীয়ে নিজমুখে স্বীকাৰ কৰি আহিছে। সেই তেতিয়াৰে পৰা আজি পর্যন্ত দুৰন্ত সাংস্কৃতিক যাত্রা অব্যাহত ৰখা নৃত্যাচাৰ্যগৰাকীক এই বঁটা আগবঢ়াবলৈ পাই ন্যাসে অত্যন্ত সুখ অনুভৱ কৰিছে।

বঁটাটি ৯২ বছৰ গৰকা মহান শিল্পীগৰাকীক সুবিধাজনক স্থান আৰু সময়ত প্রদান কৰা হ'ব বুলি মুখ্য ন্যাসৰক্ষী হেমন্ত ভাগৱতীয়ে জানিবলৈ দিছে। স্মর্তব্য যে দ্রোণ ভাগৱতী-পাৰুল ভাগৱতী স্মৃতি ন্যাসে বিগত দিনবোৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত স্মৃতিচাৰণ সভা, সোঁৱৰণী গ্রন্থ প্রকাশ, বক্তৃতানুষ্ঠান ইত্যাদি।

২০২২ চনত ন্যাস গঠন হোৱাৰ পৰৱৰ্তী সময়ত দ্রোণ ভাগৱতী আৰু পাৰুল ভাগৱতীৰ সোঁৱৰণত গ্রহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ ভিতৰত অন্যতম কার্যসূচী আছিল দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা প্রদান। সত্রীয়া নৃত্য, গীত, বাদ্য আৰু অভিনয়ত থকা পাৰদৰ্শিতাৰ একোজন শিল্পীক প্রতি দুবছৰৰ মূৰত এই বঁটা প্রদানৰ সিদ্ধান্ত লোৱা হৈছিল।

উল্লেখ কৰা প্ৰয়োজন যে, বঁটাটিত থাকিব প্রশস্তি পত্র, অংগবস্ত্ৰ, স্মাৰক আৰু নগদ ধনৰ টোপোলা। এই বঁটাৰ প্রথমগৰাকী প্রাপকৰূপে নৃত্যাচার্য যতীন গোস্বামীক বাছনি কৰিবলৈ পাই ন্যাস নিজেই ধন্য হৈছে বুলি এটা প্রেছ বিবৃতিত জনোৱা হৈছে।

যতীন গোস্বামী