/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8be9b011-ffba-4478-a011-11694fa0ccf8/AP_FOR_WEB_sir_.jpg)
ডিজিটেল ডেস্কঃ প্ৰথমে মই অপ্ৰস্তুত হৈছিলো যদিও গৌৰাম্বিতও হৈছিলো। এই সন্মানেৰে মোক সন্মানিত কৰাত মই অভিভূত হৈ পৰিছো। প্ৰপিতামহ হেমচন্দ্ৰ বৰুৱাই কৰ্ষন কৰা বাটেৰে সময়ৰ দাবীত কৰিবলগাখিনি মই কৰি যোৱাৰ চেষ্টা কৰিছো। সেই চেষ্টাৰ স্বীকৃতিয়েই এই প্ৰাপ্তি।-নাওবৈচাৰ ৰঙানদী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে প্ৰথমবাৰৰ বাবে আগবঢ়োৱা পদ্মনাথ গোহাঁঞি বৰুৱা বঁটা গ্ৰহণ কৰি এইদৰে কয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/89d49d42-e541-487b-bfff-079e7deb43ef/ecf3a887-7bfa-4a4e-a146-4293a6fb4043.jpg)
অসমীয়া সাহিত্যৰ মহীৰূহগৰাকী স্মৰণত প্ৰদান কৰা এই বটাঁ গ্ৰহণ কৰি জয়ন্ত বৰুৱাই কয়- এটা জাতিৰ সমৃদ্ধি আৰু সংস্কৃতিক টনকিয়াল কৰাত ই এক সুযোগ। এই সুযোগৰ সৈতে আমাৰ জাতি আৰু ভাষাৰ বাবে অনবদ্য বৰঙণি আগবঢ়াই যোৱা মহীৰূহসকলক স্মৰণ কৰিবলৈ আপোনালোকে যি প্ৰয়াস কৰিছে, সি অতিকৈ আনন্দৰ খবৰ। মোৰ প্ৰপিতামহ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষা আৰু জাতিলৈ অহা সংকটকালত হেমকোষ আৰু প্ৰথমখন অসমীয়া ব্যাকৰণ প্ৰণয়ন কৰি ভাষা উদ্ধাৰৰ হকে এক যাত্ৰাৰ সূচনা কৰিছিল। সেই যাত্ৰা পথেৰেই আমি বাট বুলি আজি এই অমিয়া অসমীয়া ভাষা আমি লাভ কৰিলো। ইংৰাজ শাসনকালতে সূচনা হোৱা উত্তৰণৰ এই পথত অনেকজনেই অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা-সাহিত্যৰ ভেটি সুদৃঢ় কৰি থৈ গৈছে। সেইসকলৰ ভিতৰত প্ৰথমেই নাম লব লাগিব পদ্মনাথ গোহাঁঞি বৰুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/50e778a1-8204-49c4-bcf7-0961601997dd/f1bfa1ac-5611-4b3b-bdc3-9ff3b07656fc.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ নামত প্ৰথম বাৰলৈ আগবঢ়োৱা এই বঁটা প্ৰদান কৰে পদ্মনাথ গোহাঞিবৰুৱাৰ নাতি তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱাই ৷ অসমীয়া ভাষা ,সংবাদক্ষেত্ৰ ,সাহিত্য ,সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰুৱালৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ এই অনুষ্ঠানটিত বিধায়ক পদ্ম হাজৰিকাকো বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
ইফালে বটাঁ গ্ৰহণ কৰি গোহাঞি বৰুৱাৰ অৱদানৰ বিষয়ে বিতংভাৱে নিজৰ বক্তব্যত দাঙি ধৰি সম্পাদক বৰুৱাই কয়- কলিকতাত তেখেতে বি এ পঢ়িবলৈ যাওতেই অসমীয়া ভাষা-সাহিত্যৰ সাধনাত নিজকে নিয়োজিত কৰি অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছিল। আজি প্ৰতিজন অসমীয়াই তেওঁৰ এই অৱদানৰ কথা সশ্ৰদ্ধাৰে সোঁৱৰে। তেখেতেৰ নেতৃত্বতেই ১৯১৭চনত অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানে জন্ম লাভ কৰিছিল। উনবিংশ শতিকাৰ শেষৰফালে অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ পৰিৱেশ কলিকতাকেন্দ্ৰিক আছিল। সেই কলিকতাতেই গল্প, কবিতা, প্ৰৱন্ধ ৰচনাৰে ভাষাক সমৃদ্ধি কৰা পদ্মনাথ গোহাঁঞি বৰুৱা আছিল অসমীয়া জাতীয় জীৱনৰো পুৰোধা ব্যক্তি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/11eb072b-d3d1-46cc-b832-a4a5098e186a/77885f7b-9458-4633-a195-1e92b241c1ef.jpg)
তেওঁ লগতে কয়- প্ৰায় ৩খন কলেজত শিক্ষাগ্ৰহণৰ বাবে নামভৰ্তি কৰি কোনো ধৰণৰ ডিগ্ৰী লাভ নকৰাকৈ তেওঁ গুৱাহাটীলৈ উভতি আহিব লগা হৈছিল। এই কথাই তেওঁক বৰ দুখ দিছিল। সেই সময়তে তেওঁ গুৱাহাটীত কিছুদিন কটাইছিল। তেতিয়াই এজন বন্ধুৰ সৈতে গৈ ভাষাৰ ওজাঁ হেমচন্দ্ৰ বৰুৱাৰ সাক্ষাতো কৰিছিল। এই সাক্ষাতকালৰ কথা পদ্মনাথ গোহাঁঞি বৰুৱাই তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে। সেই সাক্ষাতে তেওঁক যথেষ্ট প্ৰেৰণা দিছিল। গোহাঁঞি বৰুৱাই পুৰণি কীৰ্তিস্তম্ভ সমূহৰ লগতে বুৰঞ্জীৰ তথ্য উদ্ধাৰত মনোনিৱেশ কৰিছিল। প্ৰথমে তেওঁ প্ৰতিষ্ঠা কৰিছিল অসমীয়া জাতীয় উন্নতি সাধিনী সভা। ইয়াৰ উপৰিও তেৱে অসম এছোচিয়েশ্যনৰ আৰ্হিত আহোম সভা প্ৰতিষ্ঠা কৰি সেই প্ৰতিষ্ঠাটোৰ নাম আহোম এছোচিয়েশ্যন ৰাখিছিল।
সাহিত্যিকৰ সমান্তৰালভাৱে এগৰাকী সুসাংবাদিকো আছিল বুলি উল্লেখ কৰি জয়ন্ত বৰুৱাই কয়- কুৰি বছৰ বয়সতে তেওঁ বিজুলীৰ সম্পাদনাৰ ভাৰ লব লগা হৈছিল। অসম বন্তি কাকতখনৰ সৈতেও জড়িত আছিল পদ্মনাথ গোহাঞি বৰুৱা। তেওঁ সম্পাদনা কৰা আন এখন উল্লেখযোগ্য আলোচনী আছিল ঊষা। ঊষা সম্পাদনা কৰাৰ ক্ষেত্ৰত তেওঁৰ মূল লক্ষ্য আছিল জাতীয় জীৱনৰ উন্নয়ন সাধন কৰা। এইগৰাকী বৰোণ্য ব্যক্তিৰ নামত আপোনালোকে প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই সন্মানেৰে মোক সন্মানিত কৰাত মই অভিভূত হৈ পৰিছো। এনে সন্মানৰ বাবে মই নিজকে কেতিয়াও উপযুক্ত বুলি নাভাৱো। প্ৰপিতামহ হেমচন্দ্ৰ বৰুৱাই কৰ্ষন কৰা বাটেৰে আজি সময়ৰ দাবীত কৰিবলগা খিনি মই কৰি যোৱাৰ চেষ্টা কৰিছো। সেই চেষ্টাৰ স্বীকৃতিয়েই এই প্ৰাপ্তি।