জেনেৰেল বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ…

জেনেৰেল বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ…

author-image
asomiyapratidin
New Update
জেনেৰেল বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে  পদ্মবিভূষণ…

ডিজিটেল ডেস্ক: দেশৰ প্ৰথম গৰাকী চিডিএছ বিপিন ৰাৱটত মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব ভাৰতৰ অন্যতম অসামৰিক সন্মান পদ্ম বিভূষণ। ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসমাৰিক সন্মান হৈছে পদ্মবিভূষণ। ২১ মাৰ্চত তেওঁৰ কন্যা কৃতিকা আৰু তাৰিণীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰণ কৰিব এই সন্মান।

Advertisment

উল্লেখ্য যে, ২৬ জানুৱাৰীত ১২৮ গৰাকী লোকলৈ পদ্ম সন্মান ঘোষণা কৰা হৈছিল। ইয়াৰ ভিতৰত ৪ টা পদ্মবিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ, ১০৭ গৰাকী লোকলৈ পদ্মশ্ৰী সন্মান ঘোষণা কৰা হৈছিল।

বিগত বৰ্ষৰ ৮ ডিচেম্বৰত তামিলনাডুত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল বিপিন ৰাৱাটৰ। জেনেৰেল ৰাৱাটক ২০১৯ চনৰ ৩১ ডিচেম্বৰত ভাৰতৰ প্ৰথম চিডিএছ হিচাপে নিযুক্তি দিয়া হৈছিল।

india cds bipin rawat