/asomiyapratidin/media/media_files/2025/06/27/padma-27-2025-06-27-18-34-54.jpg)
ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰ অঞ্চলৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান পদ্ম সৰস্বতী বিদ্যা মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত হয় বাল্যবিবাহ,শিশু শ্ৰমিক,শিশু সৰবৰাহ আৰু ড্ৰাগছ বিৰোধী সজাগতা সভা। পদ্ম স্বৰস্বতি বিদ্যা মন্দিৰৰ উদ্যোগত আৰু গ্ৰাম্য সেচ্ছাসেৱক কেন্দ্ৰ (আৰ ভি চি) অকাজানৰ সহযোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত আৰ ভি চিৰ সঞ্চালক লুইত গোস্বামীয়ে কয়, সম্প্ৰতি ভয়ংকৰ ৰুপ ধাৰন কৰা সামাজিক ব্যাধিৰ বিৰুদ্ধে সময়োচিত ব্যৱস্থা ন'ললে ইয়াৰ প্ৰতিফল ভূগিব লাগিব পৰৱৰ্তী প্ৰজন্মই।
এই কাৰ্যসূচীত কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ লগতে প্ৰশাসনৰ লোকসকলো উপস্থিত থাকি শিশু সৰবৰাহৰ লগতে ড্ৰাগছৰ দৰে ভয়াৱহ সামাজিক ব্যাধিৰ বিৰুদ্ধে সময় থাকোতেই পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজ আৰু ছাত্ৰ, ছাত্ৰী সকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়।কাৰ্যসূচীত বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী, অভিভাৱক আৰু ছাত্ৰ, ছাত্ৰীৰ উপস্থিতি পৰিলক্ষিত হয়।