এইবাৰ পঞ্চায়ত নিৰ্বাচনত নাথাকিব কংগ্ৰেছৰ প্ৰাৰ্থীঃ পদ্ম হাজৰিকা

এয়াই কংগ্ৰেছৰ দূৰবস্থা ৷ আহি থকা দিনত কংগ্ৰেছ সম্পূৰ্ণ ৰূপেই যে বিধ্বস্ত হ'ব সেই কথা পঞ্চায়ত নিৰ্বাচনতে গম পাব বুলি কংগ্ৰেছক তীব্ৰ কটাক্ষ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ

author-image
Asomiya Pratidin
New Update
dsdfdf

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ পৰিব কংগ্ৰেছ ৷ নিৰ্বাচনত বহু স্থানত কংগ্ৰেছৰ প্ৰাৰ্থীয়েই নাথাকে ৷ কোনোৱা প্ৰাৰ্থী হ'লে ডেৰলাখ টকা দিম বুলি কংগ্ৰেছে প্ৰচাৰ চলাইছে যদিও ডেৰশ টকাও দিব নোৱাৰে কংগ্ৰেছে- আজি জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰে  বিধায়ক পদ্ম হাজৰিকাই।

Advertisment

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে, যোৱা নিৰ্বাচনত কংগ্ৰেছে জিকিম বুলি হোটেলত সোমাই দপ্তৰ পৰ্যন্ত বিতৰণ কৰিলে ৷ হোটেলত সাতুৰিনাদুৰি থাকোতেই সময় গ'ল কংগ্ৰেছৰ ৷ পাছত আমিহে দিছপুৰ গ'লো ৷ এয়াই কংগ্ৰেছৰ দূৰবস্থা ৷ আহি থকা দিনত কংগ্ৰেছ সম্পূৰ্ণ ৰূপেই যে বিধ্বস্ত হ'ব সেই কথা পঞ্চায়ত নিৰ্বাচনতে গম পাব বুলি কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে। 

পদ্ম হাজৰিকা