ভাৰতবাসীৰ কাৰণে আজিৰ দিনটো সুখৰ দিন: পদ্ম হাজৰিকা

আজিৰ দিনটো ভাৰতবাসীৰ কাৰণে সুখৰ দিন, উৎফুল্লিত হোৱাৰ দিন। পাকিস্তানী সন্ত্ৰাসবাদীকেই নহয়, প্ৰয়োজন হ'লে গোটেই পাকিস্তানখনেই উৰাই দিব লাগে- পদ্ম হাজৰিকা

author-image
Asomiya Pratidin
New Update
িুিুিুিুিু্

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই চাৰ্জিকেল ষ্ট্ৰাইক কৰা ঘটনাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে আজিৰ দিনটো ভাৰতবাসীৰ কাৰণে সুখৰ দিন, উৎফুল্লিত হোৱাৰ দিন বুলি মন্তব্য কৰে।

তেওঁ লগতে কয়, পাকিস্তানী সন্ত্ৰাসবাদীকেই নহয়, প্ৰয়োজন হ'লে গোটেই পাকিস্তানখনেই উৰাই দিব লাগে বুলিও মন্তব্য কৰে ৷ বিধায়ক গৰাকীয়ে এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভাৰতীয় সেনাবাহিনীকো ধন্যবাদ জ্ঞাপন কৰে ৷

পদ্ম হাজৰিকা