/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/2ghy6dpu/ssss.jpg)
ডিজিটেল সংবাদ, বিহালীঃ অন্তিম নিৰ্বাচনী প্ৰচাৰ অভিযানত বিহালীৰ বাঘমাৰীৰ সংখ্যালঘু অঞ্চলত বিধায়ক পদ্ম হাজৰিকাৰ বিশাল পদযাত্ৰা। শতাধিক সংখ্যালঘু মহিলা পুৰুষে অংশ গ্ৰহন কৰে এই পদযাত্ৰা।
এই পদযাত্ৰাৰ সময়ত পদ্ম হাজৰিকাই কয়- ১৩ তাৰিখে ভোটদান সাব্যস্ত কৰাৰ পিছত ২৩ তাৰিখে ফলাফল ঘোষণা কৰিব আৰু ডিচেম্বৰৰ পৰা বাঘমাৰী অঞ্চলৰ ৰাস্তা ঘাটৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। সংখ্যালঘু অঞ্চলৰ বিভিন্ন সমস্যা সমূহ সমাধান কৰিব বিজেপি চৰকাৰে।
কংগ্ৰেছক কটাক্ষ কৰি বিধায়কগৰাকীয়ে লগতে কয়- কংগ্ৰেছ চৰকাৰৰ দিনতে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুলজাৰ হুছেইনক গুলিয়াই হত্যা কৰিছিল। অসমৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত উগ্ৰপন্থীৰ দপ দপনি আছিল,মানুহৰ নিৰাপত্তা সুনিশ্চিত নাছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই অসমত শান্তি প্ৰতিষ্ঠা হৈছে।
কংগ্ৰেছৰ কটা হাতত ভোট দি ভুল নকৰিবলৈ বিধায়ক পদ্ম হাজৰিকাই জনালে আহ্বান। বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ তথা বিজেপিক এবাৰ বিশ্বাসত লৈ ভোট দি জয়যুক্ত কৰাবলৈ আহবান বিধায়ক পদ্ম হাজৰিকাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us