Advertisment

কন্যকা বহুমুখী পামত বিধায়ক পদ্ম হাজৰিকাৰ ভোগালীৰ উৎসৱ পালন

অগ্নিদেৱতাৰ আশীষলৈ হৰিধ্বনি,খোল তাল তথা নামপ্ৰসংগৰ মাজেৰে ভেলা ঘৰত অগ্নি সংযোগ কৰি অসমবাসী ৰাইজৰ মঙ্গল কামনা কৰে জীয়া ভৰলী কন্যকা কৃষি পামৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

author-image
Asomiya Pratidin
New Update
fghfh

ডিজিটেল সংবাদ,জামুগুৰিহাট: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত আজি পূৱা সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে ভেলাঘৰত অগ্নি সংযোগ কৰা হয় ৷ অগ্নিদেৱতাৰ আশীষলৈ হৰিধ্বনি,খোল তাল তথা নামপ্ৰসংগৰ মাজেৰে ভেলা ঘৰত অগ্নি সংযোগ কৰি অসমবাসী ৰাইজৰ মঙ্গল কামনা কৰে জীয়া ভৰলী কন্যকা কৃষি পামৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ভেলাঘৰ অগ্নি সংযোগৰ অন্তত জ্যেষ্ঠজনৰ আশীষলৈ কন্যকাস্থিত নামঘৰত সকলো ৰাইজৰে মিলি ভোগালীৰ জলপান গ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

পদ্ম হাজৰিকা