Advertisment

জামুগুৰিহাটত বীৰ শ্বহীদৰ ঘৰে-ঘৰে বিধায়ক পদ্ম হাজৰিকা

শ্বহীদ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ পলিয়ালৰ বাসগৃহত উপস্থিত হৈ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই বিধায়ক পদ্ম হাজৰিকাই ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ অসম আন্দোলনৰ শ্বহীদ সকলৰ ত্যাগক সুঁৱৰি ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত অহা ১০ ডিচেম্বৰত জামুগুৰিহাটৰ পকামুৰা পথাৰত অনুষ্ঠিত হব ৰাজ্যিক শ্বহীদ দিৱস৷

Advertisment

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী আৰু সাংসদ উপস্থিত থাকিব উক্ত অনুষ্ঠানত। শ্বহীদ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ পলিয়ালৰ বাসগৃহত উপস্থিত হৈ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই বিধায়ক পদ্ম হাজৰিকাই ।

অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ লগতে শ্বহীদ পৰিয়ালৰ লগত বিভিন্ন দিশৰ ওপৰতো আলোচনা কৰে বিধায়ক গৰাকীয়ে । বিধায়ক হাজৰিকাৰ লগত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে৷

padma hazarika