Advertisment

পদ্মভূষণ লাভ কৰি কি ক'লে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে...

মই এতিয়ালৈকে খবৰটো আনুষ্ঠানিকভাৱে পোৱা নাই। যিকি নহওঁক এই খবৰটো পায় মই সুখ পাইছো। এয়া অসমৰ ৰাইজৰ, সত্ৰ সমূহৰ আৰু শুভাকাংক্ষী সকলৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো- যতীন গোস্বামী

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
hgf

ডিজিটেল ডেস্কঃ  গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আহিল এটা সুখবৰ। দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱা হৈছে নৃত্যাচাৰ্য যতীন গোস্বামীলৈ। এই খবৰে তেখেতৰ গুণমুগ্ধ সকলক অত্যন্ত সুখী কৰিছে।

Advertisment

অসমীয়া প্ৰতিদিন ডিজিটেলে নৃত্যাচাৰ্য গৰাকীক অভিনন্দন জনাই এই সুখৰ খবৰটো বিনিময় কৰা সময়ত তেখেতে বিনম্ৰতাৰে কয়- "মই ধন্যবাদ জনাইছো ভাৰত চৰকাৰক, অসম চৰকাৰক। বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।"

অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা এই চমু টেলিফোনিক আলাপত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত নতুন প্ৰজন্মৰ ভূমিকাক লৈ তেওঁ সন্তুষ্টি ব্যক্ত কৰি কয়, আমাৰ নতুন প্ৰজন্মই বৰ আন্তৰিকতাৰে এই ক্ষেত্ৰখনত আগবাঢ়ি গৈছে। তেওঁ লগতে নৱ প্ৰজন্মমক কঠোৰ পৰিশ্ৰম আৰু অনুশীলন কৰিবলৈ আহ্বান জনায়।

যতীন গোস্বামী