/asomiyapratidin/media/media_files/2025/07/18/jbhjkjhk-2025-07-18-19-04-22.jpg)
এছৱাটিনিৰ ভ্ৰমণকালত নৃপতিক সাক্ষাৎ পবিত্ৰ মাৰ্ঘেৰিটাৰ
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এছৱাটিনি ভ্ৰমণকালত দেশখনৰ মহামহিম নৃপতি স্বাতী তৃতীয়, প্ৰধানমন্ত্ৰী ৰাছেল মিছ’ ড্লামিনি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ফ'লিলে শাকান্তু, স্বাস্থ্য মন্ত্ৰী দুদুজি মৎসেবুলা, কৃষি মন্ত্ৰী মেণ্ডলা শ্বাৱুকা আৰু অৰ্থনৈতিক পৰিকল্পনা আৰু উন্নয়ন মন্ত্ৰী ড° টাম্বো জিনাক সাক্ষাৎ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/18/whatsapp-image-2025-2025-07-18-19-05-26.jpeg)
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষি, স্বাস্থ্য, বৈদেশিক পৰিক্ৰমা, অৰ্থনৈতিক উন্নয়নকে ধৰি ভাৰত-এছৱাটিনি দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ পৰিসৰৰ আটাইবোৰ গুৰুত্বপূৰ্ণ দিশত ফলপ্ৰসূ আলোচনাত অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/18/whatsapp-image-2025-07-18-19-06-24.jpeg)
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু এছৱাটিনিৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহৰো সম্ভাৱনা কঢ়িয়াই আনিব।