সমষ্টিৰ ৰাইজে এবছৰে দেখা নাই গৌৰৱ গগৈকঃ পৱিত্ৰ মাৰ্ঘেৰিটা

"যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ নিৰ্বাচনত জয় লাভ কৰাৰ পাছৰে পৰা ৰাইজে এবছৰেই দেখা নাই। এইবোৰ কথা ক'লে মোৰ কংগ্ৰেছৰ বন্ধু সকলে বেয়া পায়। "

author-image
Asomiya Pratidin
New Update
XXZXZX

ডিজিটেল সংবাদ, আমগুৰিঃ "যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ নিৰ্বাচনত জয় লাভ কৰাৰ পাছৰে পৰা ৰাইজে এবছৰেই দেখা নাই। এইবোৰ কথা ক'লে মোৰ কংগ্ৰেছৰ বন্ধু সকলে বেয়া পায়। গৌৰৱ গগৈ ইংলেণ্ড, পাকিস্থান, আমেৰিকা আদি ৰাষ্ট্ৰত ব্যস্ত হৈ থাকে।" প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতিগৰাকীক এনেদৰে কটাক্ষ কৰি বৃহস্পতিবাৰে মেজেংঙাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, "ব্যস্ততাৰ অজুহাৰ পৰা মুক্ত হওক যোৰহাট লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ।"

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ মেজেংঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই। মন্ত্ৰীগৰাকীৰ পিতৃয়ে শিক্ষাগ্ৰহণ কৰি যোৱা মেজেংঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ উন্নয়নৰ বাবে ৰাজ্য সভাৰ সাংসদ উন্নয়ন পুঁ‌জিৰ ১৫ লাখ টকা অনুদান আগবঢ়াবলৈ পায় আৱেগিক হৈ পৰে ।

সহকাৰী শিক্ষক নিলোৎপল বৰুৱাই আঁত ধৰা শুভাৰম্ভ অনুষ্ঠান মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে, বিদ্যালয়খনৰ আধ্যক্ষা অধ্যক্ষা সোণমণি গগৈ, তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, বিজেপিৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাচা, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন শৰ্মা, কৃষক মৰ্চাৰ উপ-সভাপতি মুকুল গগৈৰ লগতে ভালেকেইগৰাকী গন্য-মাণ্য ব্যক্তি।

আনহাতে, উক্ত শুভাৰম্ভণি অনুষ্ঠানৰ পাছতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই সংবাদ মাধ্যমৰ আগত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক ব্যস্ততাৰ অজুহাৰ পৰা মুক্ত হওঁক বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে সমষ্টিৰ উন্নয়নৰ বুজ লৈ সাংসদৰ কাম কৰিবলৈ কোৱা বুলি মন্তব্য কৰে।

গৌৰৱ গগৈ পৱিত্ৰ মাৰ্ঘেৰিটা