/asomiyapratidin/media/media_files/2025/07/07/new-ap-web-2-8-2025-07-07-19-16-51.jpg)
ডিজিটেল ডেস্কঃ তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে কম্বোডিয়া ভ্ৰমণৰত বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই ভ্ৰমণসূচীৰ অংশস্বৰূপে সোমবাৰে দেশখনৰ মহাৰজা, চিনেট অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কম্বোডিয়াৰ মহাৰজা নৰোদম সিহামনিক সাক্ষাৎ কৰি ভাৰত চৰকাৰ আৰু ভাৰতৰ জনগণৰ হৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ভাৰত আৰু কম্বোডিয়াৰ মাজৰ ঐতিহাসিক বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰবাৰ দৃঢ়তাৰে ব্যক্ত কৰে, যাৰ আধাৰ হৈছে দুয়োখন দেশৰ মাজৰ যুগ যুগ ধৰি থকা সাংস্কৃতিক সম্পৰ্ক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/07/whatsapp-image-2025-07-07-19-14-15.jpeg)
বৈদেশিক দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কম্বোডিয়াৰ ছিনেটৰ অধ্যক্ষ তথা দেশখনৰ ছবাৰৰ প্ৰধানমন্ত্ৰী হুন চেনক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ বিশেষ আৰু গভীৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আৰু ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ বিভিন্ন ক্ষেত্ৰত শক্তিশালী উন্নয়ন অংশীদাৰিত্ব আৰু যৌথভাৱে সম্মুখীন হোৱা সমস্যাবোৰ সমাধানৰ বাবে হোৱা গঠনমূলক কথাও ব্যক্ত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/07/whatsapp-im-2025-07-07-19-14-52.jpeg)
এই ভ্ৰমণসূচীৰ অন্যতম প্ৰধান কাৰ্যসূচী হিচাপে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মৰ্ঘেৰিটাই কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন মানেটক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত এক ফলপ্ৰসূ আলোচনা কৰে আৰু দুয়ো দেশৰ মাজত থকা কেইবা শতাব্দী প্ৰাচীন বন্ধুত্বৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।