/asomiyapratidin/media/media_files/2025/07/22/new-ap-web-2-13-2025-07-22-19-30-09.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে আফ্রিকা মহাদেশৰ লেছ’থ’ত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। দেশখনত উপস্থিত হোৱাৰ পাছতে তেওঁক বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰধান সচিব থাবাং লেখেলাই আদৰণি জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/22/whatsapp-image-20-2025-07-22-19-30-56.jpeg)
সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাজ্যমন্ত্ৰী মাৰ্ঘেৰিটাই কয়, দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰা বাবে তেওঁ দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/22/whatsapp-image-2025-0-2025-07-22-19-31-23.jpeg)
উল্লেখযোগ্য, কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মৰ্ঘেৰিটাই লেছথ' ভ্ৰমণকালত দেশখনৰ ৰাজধানী মাচেৰুত লেছথ'ৰ মহাৰজা লেষ্টি তৃতীয় আৰু দেশখনৰ প্ৰধানমন্ত্ৰী ছেমুৱেল চোকোৱানে মাতেকানেক সাক্ষাৎ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/22/whatsapp-image-202-2025-07-22-19-31-36.jpeg)
তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু লেছথ'ৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক গাঢ় কৰাৰ লক্ষ্যৰে গঠনমূলক আলোচনাতো অংশগ্ৰহণ কৰে। এই আলোচনাকালত উভয় দেশৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিকাৰক আৰু পৰস্পৰৰ স্বাৰ্থ জড়িত বিষয়সমূহক গুৰুত্ব প্ৰদান কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us