মুকলি হ'ল পবিতৰাঃ অভয়াৰণ্যখনৰ উন্নয়নৰ বাবে বদ্ধপৰিকৰ মন্ত্ৰী পীযুষ হাজৰিকা

pijush hazarika
pijush hazarika

ডিজিটেল সংবাদ মায়ংঃ অসম গৌৰৱ এশিঙীয়া গড়ৰ বাসস্থান পবিতৰা অভয়াৰণ্য চলিত বৰ্ষত পৰ্যটকৰ বাবে মুকলি কৰা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আজি অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অসমৰ পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে মন্ত্ৰী হাজৰিকাই আনুষ্ঠানিকভাৱে অভয়াৰণ্যখন পৰ্যটকৰ বাবে মুকলি কৰে ।

মন্ত্ৰী তথা স্থানীয় জাগীৰোদ বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই আজিৰ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি কয় যে- স্থানীয় বাসিন্দাসকলে নিজে গঢ়ি তোলাৰ বিশেষত্বৰে মহীয়ান অভয়াৰণ্যখনে ৰাজ্যখনৰ লগতে বাহিৰৰো বিভিন্ন পৰ্যটকক আকৰ্ষিত কৰি আহিছে ।

আনহাতে স্থানীয় বিধায়ক হিচাপে মন্ত্ৰীগৰাকীয়ে অভয়াৰণ্যখনলৈ যাতায়ত কৰা পথৰ উন্নয়নৰ বাবে প্ৰয়াস কৰি আহিছে বুলি উল্লেখ কৰে । গুৱাহাটীৰ নাৰেঙ্গীৰ পৰা ভকতগাঁও পৰ্যন্ত পথটো ৰাজ্য চৰকাৰৰ 'অসম মালা' আঁচনিৰ অধীনত নিৰ্মিত প্ৰথমটো পথ আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিধায়ক হৈয়ে তেঁও নিজৰ সমষ্টিৰ পথ-পদূলি উন্নয়নৰ বাবে গুৰুত্ব দিছিল । পথৰ উন্নয়নৰ দিশেৰে জাগীৰোদ ৰাজ্যখনৰ উন্নত ১০ টা সমষ্টিৰ ভিতৰত পৰে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

আনহাতে পবিতৰা অভয়াৰণ্যখন থকা বৃহত্তৰ মায়ং অঞ্চলৰ ৰাইজেও অভয়াৰণ্যখন ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলক সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অভয়াৰণ্যখনে স্থানীয় বাসিন্দাসকলকো আৰ্থিক দিশত যথেষ্টখিনি সকাহ প্ৰদান কৰি আহিছে ।

আনহাতে ভৱিষ্যতে পবিতৰা অভয়াৰণ্যৰ উন্নয়নৰ বাবে স্থানীয় ৰাইজ আৰু বিভাগীয় কৰ্তৃপক্ষৰ দিহা পৰামৰ্শত আন প্ৰয়োজনীয় কামবোৰো পৰ্যায়ক্ৰমে কৰা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে । আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে মন্ত্ৰী পীযুষ হাজৰিকাক তেঁওৰ কামসমূহৰ বাবে প্ৰশংসা কৰে । 

আজিৰ অনুষ্ঠানত মায়ং অঞ্চলৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহ , বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল, মৰিগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা আন বিষয়াসকল উপস্থিত আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in