/asomiyapratidin/media/media_files/2026/01/30/20-2026-01-30-13-10-33.jpg)
ডিজিটেল সংবাদ, সৰভোগ : মইনবড়ী সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাৰ ৫৩১ সংখ্যক আবিৰ্ভাৱ তিথি উদযাপন উপলক্ষে চতুৰ্থ বাৰ্ষিক পালনামত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, হাগ্ৰামা মহিলাৰী আৰু ভৱেশ কলিতা উপস্থিত হৈ পালনামত অংশগ্ৰহণ কৰে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়ে পালনামত অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰি সত্ৰত সেৱা লয় ।
ইপিনে নলবাৰী, চিৰাং আৰু বাক্সা জিলাৰ তিনিগৰাকী আৰোক্ষী অধীক্ষকে মইনবড়ী সত্ৰৰ পালনামত সেৱা লয় । হৰিনাম ধ্বনিৰে পালনাম অনুষ্ঠানত মুখৰিত কৰি তোলে ।
পালনাম অনুষ্ঠানত উপস্থিত থকা ধৰ্মপ্ৰাণ ভক্তসকলক ধন্যবাদ জনায়। শান্তি শৃংখলাৰে আজিৰ এই দুদিনীয়া কাৰ্য্যসূচীৰ অন্তিম দিনত শৃংখলাৰে অনুষ্ঠান সামৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us