/asomiyapratidin/media/media_files/2025/02/19/mRqJjK8VQfhtd8nYi5tc.jpg)
ডিজিটেল ডেস্কঃ খোৱাপানীৰ নামত এচাম কোম্পানীয়ে গ্ৰাহকক চৰম আভুৱা ভৰাইছে। শেহতীয়াকৈ পোহৰলৈ আহিছে মহানগৰীৰ বামুণীমৈদামত থকা পানী প্ৰস্তুত কৰা এটা কোম্পানীৰ এনে কাহিনী। কোম্পানীটোত কৰ্মৰত এক সূত্ৰই অসমীয়া প্ৰতিদিন ডিজিটেলক জানিবলৈ দিয়া মতে, খোৱাপানীৰ নামত এম এছ ষ্টাৰ পাৱাৰ ইণ্ডাষ্টিজ নামৰ প্ৰতিষ্ঠানটোৱে দীৰ্ঘদিন ধৰি এই জালিয়াতি চলাই আহিছে।
বজাৰত কোম্পানীটোৱে সাধাৰণ পানীৰ বটলৰ উপৰিও প্ৰিমিয়াম পানীৰ বটলো বিক্ৰী কৰে যদিও সাধাৰণ পানীৰ বটলৰ বাবে প্ৰস্তুত কৰা পানীকেই প্ৰিমিয়াম লিখা বটলত ভৰাই সেইবোৰ বহু উচ্চ দামত বিক্ৰী কৰাৰ অভিযোগ উঠিছে।
কোম্পানীটোৰ অক্সিৰিচ্চ নামৰ প্ৰিমিয়াম এক লিটাৰ পানী বটলৰ মূল্য বজাৰত ৫০ টকা। হালধীয়া লেপেল লগাই কোম্পানীটোৱে সেই পানীত ৩০০ শতাংশৰো অধিক অক্সিজেন থাকে বুলি প্ৰচাৰ চলাই আহিছে যদিও এই পানী সাধাৰণভাৱে প্ৰস্তুত কৰা।
অভিযোগ মতে, ইয়াত কোনো প্ৰিমিয়াম পানীৰ বটল হিচাপে বিক্ৰী কৰিব পৰাকৈ মিনাৰেল বা আন উপাদান সংমিশ্ৰণ কৰা নহয়। এনে প্ৰিমিয়াম হিচাপে বজাৰত বিক্ৰী কৰি থকা আধা লিটাৰ পানী বটলৰ মূল্য ২০ টকা বুলি জানিব পৰা গৈছে।
ইফালে ২০ লিটাৰ পানীৰ ক্ষেত্ৰতো কোম্পানীটোৱে গ্ৰাহকৰ পৰা উচ্চ দাম লৈ আহিছে। কোম্পানীটোৱে প্ৰিমিয়াম পানী হিচাপে বিক্ৰী কৰা এই পানীৰ কি বিশেষ মান আছে তাৰ গুণাগুণ পৰীক্ষা কৰিলে জোলোঙাৰ মেকুৰি ওলাই পৰিব।
এনেদৰে ৰাজ্যত পানীৰ নামত একাংশ ব্যৱসায়ীয়ে গ্ৰাহকক ৰাম ঠগন দি ব্যৱসায় চলাই গৈছে। সংশ্লিষ্ট বিভাগে উপযুক্ত অনুসন্ধান কৰি তদন্ত কৰিলেই সকলো তথ্য পোহৰলৈ আহিব। বিশেষকৈ মহানগীৰত প্ৰিমিয়াম পানীৰ ব্ৰেণ্ডৰ নামত এম এছ ষ্টাৰ পাৱাৰ ইণ্ডাষ্ট্ৰীয়ে সংঘটিত কৰা এই অনিয়মৰ তদন্ত কৰিলেই প্ৰতিষ্ঠানটোৱে কৰি অহা আৰু বহু তথ্য পোহৰলৈ আহিব।
মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ২০০ এম এল ৰ পানী বটল ৰাজ্যত বিক্ৰী বন্ধ ঘোষণা কৰিছিল যদিও এই প্ৰতিষ্ঠানটোৱে ২০০ এম এলৰ পানী বটলো বিক্ৰী কৰি আহিছে। খুচুৰা বজাৰত ইয়াৰ মূল্য ৭ টকাকৈ নিৰ্ধাৰণ কৰিছে প্ৰতিষ্ঠানটোৱে।
দীৰ্ঘদিন ধৰি খোৱাপানীৰ বটল প্ৰস্তুতৰ নামত প্ৰতিষ্ঠানটোৱে সংঘটিত কৰি আহিছে এই অনিয়ম। যি সময়ত বজাৰত এক লিটাৰ পানী বটলৰ মূল্য ২০ টকা সেই সময়ত তেনে সাধাৰণ পানীকে প্ৰিমিয়াম পানী বুলি কৈ এই প্ৰতিষ্ঠানটোৱে অক্সিৰিচ্চ ব্ৰেণ্ডত ৫০ টকা মূল্যত বিক্ৰী কৰি আছে।