/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/41c41920-503e-46a2-b358-5ee5ea6cb8ca/juhi_kor.jpg)
ডিজিটেল ডেস্ক : যোৱা কিছু দিন ধৰি ইন্টাৰনেটত চৰ্চা হৈ আছে এখন চিঠিৰ। জুহি ক'ৰ নামৰ এগৰাকী যুৱতীয়ে লিখা এই চিঠিখন স্বাধীনোত্তৰ কালৰ এক জীয়া ইতিহাস। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তুলনামুলক সামাজিক ৰাজনীতিত স্নাতকোত্তোৰ শিক্ষা সাং কৰা এই গৰাকী যুৱতীৰ চিঠিখনত আছে কি দৰে তেখেতৰ ককাকে ১৯৪০ৰ দশকতেই সমাজে গণ্য কৰা নিম্ন জাতিৰ হোৱাৰ বাবেই শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কৰিব লগীয়া হোৱা সংগ্ৰাম আৰু তাৰ সৈতে জড়িত থকা সপোন এতিয়া বাস্তৱ তেখেতৰে নাতিনী জুহি ক'ৰৰ বাবে।
জুহিয়ে চিঠিখনত উল্লেখ কৰা অনুসৰি, ১৯৪৭ চনত যদিও ভাৰত স্বাধীন হৈছিল কিন্তু এই স্ৱাধীনতা সকলোৰে বাবে নাছিল। এইবোৰৰ মাজতেই আছিল মহাৰাষ্ট্ৰৰ এখন গাৱঁৰ এটি সৰু ল'ৰা। যি বিদ্যালয়লৈ যাব লগীয়া বয়সতো খেতিত পৰিয়ালক সহায় কৰিব লগীয়া হৈছিল কাৰণ সেই সময়ত বিদ্যালয়লৈ যাব পৰাকৈ সমাজে গণ্য কৰা উচ্চ বৰ্ণৰ নাছিল ল'ৰাজন। শ্ৰেণীকোঠাৰ বাহিৰৰ পৰাই শিক্ষা গ্ৰহণ কৰিব লগীয়া হৈছিল ল'ৰাজনে।
কিন্তু ইয়াৰ পাছতো কেৱল নিজৰ অধ্যাৱসায়ৰ ফলতেই প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হোৱা ল'ৰাজনে এটি চৰকাৰী কাৰ্যালয় পৰিষ্কাৰ কৰা কৰ্মী হিচাপে কৰ্মৰত অৱস্থাত নিজেই ইংৰাজী শিকি আইন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। সেই একেই অধ্যাৱসায়েৰে ৬০ বছৰ বয়সত সেই একেই কাৰ্যালয়ত এক উচ্চ পদবীৰ পৰা অৱসৰ গ্ৰহণ কৰি সমাপ্ত কৰে স্নাতকোত্তৰ ডিগ্ৰীও।
৪০ ৰ দশকতেই ককাকে দেখা এটি সপোনৰ গজালিটো আজি এজোপা বৃক্ষ। যিজোপা বৃক্ষই অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰে স্নাতকোত্তৰ ডিগ্ৰী। অৱশ্যে এই সফলতা প্ৰত্যক্ষভাৱে উপভোগ কৰিবলৈ জুহি ক'ৰৰ ককাক এই পৃথিৱীত নাই যদিও জুহি ক'ৰে আশা কৰাৰ দৰেই নিশ্চয় সুখী শ্ৰেণীকোঠাৰ বাহিৰত বহি শিক্ষা গ্ৰহণ কৰা সেই সৰু ল'ৰাটো।