বিহ দি হত্যা ১০০ তকৈ অধিক কুকুৰক…

বিহ দি হত্যা ১০০ তকৈ অধিক কুকুৰক…

author-image
asomiyapratidin
New Update
কুকুৰ সৰবৰাহকাৰী আজমত আলী আটক…

ডিজিটেল ডেস্ক: তেলেংগানাৰ চিদ্দিপেট জিলাত ১০০ তকৈও অধিক পথভ্ৰষ্ট কুকুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত  এগৰাকী পশু অধিকাৰ মঙলবাৰে এজাহাৰ দাখিল কৰে।

Advertisment

অভিযোগ অনুসৰি চিদ্দিপেট জিলাৰ থিগুল গাঁৱত প্ৰায় ১০০টা কুকুৰক হত্যা কৰা হয়। এই ক্ষেত্ৰত কুকুৰ বোৰক ধৰিবৰ বাবে মানুহ নিয়োগ কৰিছিল গাঁওবুঢ় তথা সচিবে। পশু কৰ্মী গৰাকীয়ে অভিযোগত কয় যে কুকুৰবোৰক ২৭ মাৰ্চত বিহ বেজী দি হত্যা কৰা হয়।

এই ঘটনাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈছিল যত মৃত কুকুৰ সমূহক দেখা গৈছিল। এজাহাৰৰ পাছতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, এয়া প্ৰথম বাৰৰ বাবে নহয় এই জিলাখনত ইয়াৰ পূৰ্বেও বহু কুকুৰক বিহ দি হত্যা কৰা হৈছিল।

আৰু পঢ়ক:

telengana dogs