/asomiyapratidin/media/media_files/2025/07/17/421-2025-07-17-16-06-19.jpg)
ডিজিটেল সংবাদ, বাক্সা : এক বিশেষ কৌশল আৰু এটা বেচৰকাৰী সংস্থাৰ সহায় লৈ গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দেখিছে বাক্সা জিলাৰ বহু মহিলাই । প্ৰথমে ২০টা আত্মসহায়ক গোটৰ ২০০ মহিলাই আছাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেন্ট নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৰ পৰা লাভ কৰে মাইকী গাহৰি পোৱালি ।
ইফালে প্ৰতিটো গোটৰ ১০ জনী মহিলাৰ মাজত এটাকৈ মতা গাহৰি পোৱালি লাভ কৰে । পৰবৰ্তী সময়ত যেতিয়া সেই গাহৰিয়ে ডাঙৰ হৈ পোৱালি দিয়ে তেতিয়া সংস্থাটোৱে সকলোৰে পৰা এটাকৈ পোৱালি সংগ্ৰহ কৰি আন ২০০ মহিলাক পালন কৰিবলৈ সুবিধা কৰি দিয়ে ।
এই ক্ৰমাগত প্ৰক্ৰিয়াৰে এতিয়া বাক্সা জিলাৰ ২০ খনকৈ গাঁৱত মহিলাসকলৰ মাজত গাহৰি পালনৰ অঘোষিত প্ৰতিযোগিতা চলিছে । সংস্থাটোৱে এছ বি আই ফাউণ্ডেশ্যনৰ "গ্ৰাম-সক্ষম" প্ৰকল্পৰ অধীনত এতিয়া মহিলাসকলৰ মুখত বিৰিঙাইছে আশাৰ ৰেঙণী । মহিলাসকলেও ধন্যবাদ জ্ঞাপন কৰিছে সংস্থাটোক ।