এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে কটা হ’ল ৭,৭৪৭ জোপা গছ আৰু ৩,২৫৮ টা গছ পুলি: কেন্দ্ৰীয় মন্ত্ৰী

এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে কটা হ’ল ৭,৭৪৭ জোপা গছ আৰু ৩,২৫৮ টা গছ পুলি: কেন্দ্ৰীয় মন্ত্ৰী

author-image
asomiyapratidin
New Update
এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে কটা হ’ল ৭,৭৪৭ জোপা গছ আৰু ৩,২৫৮ টা গছ পুলি: কেন্দ্ৰীয় মন্ত্ৰী

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাত এক লিখিত উত্তৰত কয় যে দিল্লী-ডেহৰাডুন এক্সপ্ৰেছৱে প্ৰকল্পৰ বাবে প্ৰায় ৭,৭৪৭ জোপা গছ আৰু ৩,২৫৮ টা গছ পুলি কটা হৈছে। ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ শিতানত কেন্দ্ৰীয়  মন্ত্ৰী গৰাকীয়ে কয় যে দিল্লী-ডেহৰাডুন এক্সপ্ৰেচৱেৰ বাবে চিভালিক ফৰেষ্ট ডিভিচনৰ গছ কটা হৈছে।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে  উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড বন বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা ক্ষতিপূৰণ বনায়ন আঁচনি অনুসৰি প্ৰায় ১.৭৬ লাখ গছ ৰোপণ কৰা হ'ব। ক্ষতিপূৰণ হিচাপে দুয়োখন ৰাজ্যৰ ঘাইপথ কৰ্তৃপক্ষক প্ৰায় ৮৪৪ লাখ আৱণ্টন কৰা হৈছে।

অন্যহাতে ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত ৯৪ টা প্ৰকল্পত এতিয়ালৈকে ৫৫.১০ লাখ গছ ৰোপণ কৰা হৈছে বুলি  মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে একেবাৰে যে কম গছ কটা হয় তাৰ বাবেই চেষ্টা চলাই যোৱা হৈছে। লগতে ৰজনী ৰাষ্ট্ৰীয় উদ্যানৰ গছ কটা হোৱা নাই বুলি কয় মন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়ক: ২০২৪ চনৰ পূৰ্বে ভাৰতৰ ৰাস্তা আমেৰিকাৰ দৰে উন্নত হ'ব: নিতিন গাডকৰী

narendra modi delhi india nitin gadkari expressway