ভাৰতৰ ৬.৪৪লাখ গাঁৱৰ ভিতৰত ৬.২২লাখ গাঁৱত আছে মোবাইল সংযোগ...

ভাৰতৰ মুঠ ৬,৪৪,১৩১খন গাঁৱৰ ভিতৰত প্ৰায় ৬,২২,৮৪০ খন গাঁৱত মোবাইল সংযোগ আছে আৰু ইয়াৰে ৬,১৪,৫৬৪খন গাঁৱত ৩০ ছেপ্টেম্বৰ, ২০২২ৰ লৈকে ৪জি মোবাইল সংযোগৰ ব্যৱস্থা আছে,

author-image
Asomiya Pratidin
New Update
ddddddd

ডিজিটেল ডেস্কঃ ভাৰতৰ মুঠ ৬,৪৪,১৩১খন গাঁৱৰ ভিতৰত প্ৰায় ৬,২২,৮৪০ খন গাঁৱত মোবাইল সংযোগ আছে আৰু ইয়াৰে ৬,১৪,৫৬৪খন গাঁৱত ৩০ ছেপ্টেম্বৰ, ২০২২ৰ লৈকে ৪জি মোবাইল সংযোগৰ ব্যৱস্থা আছে, যোগাযোগ ৰাজ্যিক মন্ত্ৰী পেম্মাছানি চন্দ্ৰ বৃহস্পতিবাৰে লিখিত উত্তৰত ৰাজ্যসভাত অৱগত কৰে এই তথ্য। 

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM JANMAN) অভিযানৰ অধীনত ৪,৫৪৩ টা বিশেষভাৱে দুৰ্বল জনজাতি গোটৰ (পিভিটিজি) বাসস্থান 'মোবাইল আনকভাৰ' হিচাপে চিনাক্ত কৰা হৈছে।

দেশৰ গ্ৰাম্য, দুৰ্গম, আৰু পাহাৰীয়া অঞ্চলত ম’বাইল টাৱাৰ স্থাপনৰ জৰিয়তে টেলিকম সংযোগ সম্প্ৰসাৰণৰ বাবে ডিজিটেল ভাৰত নিধিৰ অধীনত চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে। ৩১.১০.২০২৪ তাৰিখলৈকে ডিজিটেল ভাৰত নিধিৰ পুঁজিৰে বিভিন্ন ম’বাইল প্ৰকল্পৰ অধীনত ১০১৮টা ম’বাইল টাৱাৰ অনুমোদন কৰি বাসস্থানসমূহলৈ ৪জি কভাৰেজ প্ৰদান কৰা হৈছে আৰু ইয়াৰ আনুমানিক ব্যয় ১০১৪ কোটি টকা।

ভাৰত