/asomiyapratidin/media/media_files/2025/04/12/DmTNTk9Bf4e4zmzHi6mK.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : বিগত বছৰৰ দৰে এইবাৰো সাফল্যৰ ধাৰাবাহিকতা অক্ষত ৰাখিবলৈ সক্ষম হৈছে চিলাপথাৰ ড’নবস্ক’ জ্যেষ্ঠ চেকেণ্ডেৰী স্কুল। এই শিক্ষানুষ্ঠানখনৰ কৃৰ্তীমান পৰীক্ষাৰ্থীক সম্বৰ্ধনাৰ বাবে শনিবাৰে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বিশাল সম্বৰ্ধনা সভা।
উল্লেখযোগ্য যে, জ্যেষ্ঠ শিক্ষয়িত্ৰী জ্যোতি পিল্লাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানৰ আমন্ত্ৰিত ধেমাজি এচ এফ এচ'ৰ অধ্যক্ষ ড০ জৰ্জ মুখ্য অতিথি হিচাৰে উপস্থিত থাকে। একেদৰে ফাডাৰ চাজি, ফাদাৰ জোছেফে অতিথিৰ আসন অলংকৃত কৰে। তাৰোপৰি এই অনুষ্ঠানত বহু অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যাৰ্থীসকল উপস্থিত থাকে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, পৰীক্ষাত বিশেষ সাফল্য লাভ কৰা ৫০ৰো অধিক পৰীক্ষাৰ্থীক একোখনকৈ ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনায়। এইবাৰ বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১৪৭ জন পৰীক্ষাৰ্থী।
ইয়াৰ ভিতৰত ১৩৯ জনে প্ৰথম আৰু ৭ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৯৯.৩৩ শতাংশ। তাৰোপৰি পৰীক্ষাৰ্থীসকলৰ ভিতৰত অসমীয়া বিষয়ত ১৭ জন, হিন্দীত ২০ জন, ইংৰাজীত ৭০ জন, সাধাৰণ গণিতত ৩৭ জন, সাধাৰণ বিজ্ঞানত ৭৮ জন, সমাজ বিজ্ঞানত ৭৩ জন, ভূগোলত ৭৮ জন,ঐচ্ছিক গণিতত ১৬ জন আৰু কম্পিউটাৰ বিজ্ঞানত ১২ জন লেটাৰ নম্বৰ লাভ কৰে।