/asomiyapratidin/media/media_files/2025/02/19/YWsRJOKKVfoXVVrzU7aD.jpg)
ডিজিটেল ডেস্কঃ দেশত কোটি কোটি মানুহক কৰ্মসংস্থাপন দি থকা প্ৰতিষ্ঠানৰ সংখ্যা কিমান কেতিয়াবা ভাৱিছেনে? চৰকাৰে দেশত পঞ্জীয়নভুক্ত কোম্পানীসমূহৰ তথ্য প্ৰকাশ কৰিছে। এই পৰিসংখ্যা অনুসৰি দেশত ২৮ লাখতকৈ অধিক পঞ্জীয়নভুক্ত কোম্পানী আছে যদিও ইয়াৰে মাত্ৰ ৬৫ শতাংশ অৰ্থাৎ ১৮ লাখতকৈ অলপ বেছি কোম্পানীয়ে সক্ৰিয়ভাৱে কাম কৰি আছে।
চৰকাৰী তথ্য অনুসৰি ২০১৩ চনৰ কোম্পানী আইন অনুসৰি পঞ্জীয়নভুক্ত কোম্পানীসমূহৰ ভিতৰত মাত্ৰ ৫,২১৬টা হে বিদেশী কোম্পানী। ইয়াৰে ৬৩ শতাংশ অৰ্থাৎ ৩,২৮১ টা জানুৱাৰীৰ শেষলৈকে সক্ৰিয় আছিল।
কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ শেহতীয়া তথ্যতো দেখা গৈছে যে যোৱা মাহত মুঠ পেইড আপ কেপিটেল ৮১৬.১৪ কোটি টকাৰে ১৬,৭৮১টা কোম্পানী পঞ্জীয়ন হৈছিল। মন্ত্ৰালয়ে মাহেকীয়া তথ্য বুলেটিনত প্ৰকাশ কৰা মতে, ২০২৫ চনৰ ৩১ জানুৱাৰীলৈকে দেশত মুঠ ২৮,০৫,৩৫৪ টা কোম্পানী পঞ্জীয়ন হৈছিল।
ইয়াৰে ৬৫ শতাংশ (১৮,১৭,২২২) কোম্পানী সক্ৰিয় হৈ আছে। ২০২৪ চনৰ ডিচেম্বৰৰ তুলনাত সক্ৰিয় কোম্পানী আৰু পঞ্জীয়নভুক্ত কোম্পানীসমূহৰ মুঠ অনুপাত ০.১৪ শতাংশ বৃদ্ধি পাইছে।