ঘন কুঁৱলীৰ বাবে বন্ধ আকাশী মাৰ্গঃ দিল্লীত বাতিল ১০০ ৰো অধিক বিমান

ইয়াৰ ভিতৰত ৬৬খন আগমন আৰু ৬৩খন প্ৰস্থান বিমান আছিল। বিমানবন্দৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি, কুঁৱলীৰ ঘনত্ব ইমানেই বেছি আছিল যে CAT-III প্ৰযুক্তি থকাৰ পাছতো বহু বিমানৰ উৰণ সম্ভৱ নহ’ল।

New Update
1

ডিজিটেল ডেস্কঃ ঘন কুঁৱলীৰ বাবে আজি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক বৃহৎ বিশৃংখলতাৰ সৃষ্টি হৈছে। দৃশ্যমানতা যথেষ্ট হ্ৰাস পোৱাৰ বাবে বৰ্তমানলৈকে প্ৰায় ১২৯ খন বিমান বাতিল কৰা হৈছে। তাৰোপৰি বহুতো বিমান পলমকৈ যাত্ৰা কৰিছে।

আজি পুৱা দৃশ্যমানতা শূন্যৰ পৰা ৫০ মিটাৰলৈ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লী বিমানবন্দৰত বিমান বাতিল কৰা হৈছে। ইয়াৰ ভিতৰত ৬৬খন আগমন আৰু ৬৩খন প্ৰস্থান বিমান আছিল। বিমানবন্দৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি, কুঁৱলীৰ ঘনত্ব ইমানেই বেছি আছিল যে CAT-III প্ৰযুক্তি থকাৰ পাছতো বহু বিমানৰ উৰণ সম্ভৱ নহ’ল।

ইণ্ডিগ', এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু স্পাইচজেটৰ দৰে বিমান সংস্থাসমূহে তেওঁলোকৰ যাত্ৰীসকলক আগতীয়াকৈ সতৰ্ক কৰি দিছে। কেৱল বিমানেই নহয়, কুঁৱলীৰ বাবে উত্তৰ ভাৰত অভিমুখে অহা ২৫খনতকৈও অধিক ৰে’ল যথেষ্ট পলমকৈ চলি আছে।

আজি পুৱা দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাং (AQI) ৫০০ অতিক্ৰম কৰি 'Hazardous' শিতানত প্ৰৱেশ কৰিছে। বতৰ বিজ্ঞান বিভাগে দিল্লীত 'অ’ৰেঞ্জ এলাৰ্ট' জাৰি কৰিছে আৰু অহা ৪৮ ঘণ্টা ধৰি এনে পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

বিমান সেৱা বিমান বন্দৰ