মন্ত্ৰী অতুল বৰাৰ মন্তব্যৰ বিৰুদ্ধে ক্ষোভ গোৰ্খা সংগঠনৰ...

লাম্পি কোনো কালে মেঘালয়ৰ নাছিল আৰু লাম্পিবাসীয়ে কোনো কাৰণতে মেঘালয়ত চামিল নহয়

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী অতুল বৰাৰ মন্তব্যৰ বিৰুদ্ধে ক্ষোভ গোৰ্খা সংগঠনৰ...

GORKHA UNION

ডিজিটেল সংবাদ, বকোঃ সীমান্ত উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ গোৰ্খা সংগঠনৰ । সদনত মন্ত্ৰী অতুল বৰাই বকোৰ বিধায়িকা নন্দিতা দাসৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ লাম্পিবাসীয়ে মেঘালয়ত চামিল হ'ব খুজিছে বুলি কোৱাৰ অভিযোগ সংগঠনটোৰ।

Advertisment

গোৰ্খা কল্যাণ সমিতি আৰু গোৰ্খা ছাত্ৰ সন্থাই শুক্ৰবাৰে বকোৰ পৰ্যটন ভৱনত এখন সংবাদ মেল যোগে লাম্পি কোনো কালে মেঘালয়ৰ নাছিল আৰু লাম্পিবাসীয়ে কোনো কাৰণতে মেঘালয়ত চামিল নহয় বুলি সংবাদ মেলত মন্ত্ৰীগৰাকীক স্পষ্ট কৰি দিছে ।

ATUL BORA