/asomiyapratidin/media/media_files/2025/07/07/btr-7-2025-07-07-21-27-42.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ আজি বিটিআৰ প্ৰশাসনৰ শিক্ষা বিভাগৰ উদ্যোগত কাজলগাঁৱত কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ ওপৰত অৰিয়েন্টেচন শিৱিৰ অনুষ্ঠিত হয়। আজিৰ দিনটোত চিৰাং জিলাৰ তিনিখন শিক্ষানুষ্ঠানত এই শিৱিৰ অনুষ্ঠিত হয় ।
আজি কাজলগাঁও ছিনিয়ৰ ছেকেণ্ডেৰীত আয়োজিত অৰিয়েন্টেচন শিৱিৰত জিলাখনৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪০৪ গৰাকী অধ্যক্ষ, প্ৰধান শিক্ষকে অংশগ্ৰহণ কৰে। বিটিচিৰ শিক্ষা বিভাগৰ তিনিজনকৈ উপদেষ্টা ক্ৰমে কোকৰাঝাৰ বিজ্ঞান কলেজৰ অধ্যক্ষ ড০ আৰ এন সিংহা, কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰত্নেশ্বৰ দেবনাথ আৰু বেংতল কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিত নাৰ্জাৰী সমল ব্যক্তি হিচাবে উপস্থিত থাকি চৰকাৰৰ নতুন শিক্ষানীতিৰ ওপৰত বক্তব্য প্ৰদান কৰে ।
এই নতুন শিক্ষানীতিৰ ওপৰত বিটিচিৰ শিক্ষা বিভাগে কি ধৰনে কাম কৰিবলৈ বিচাৰিছে তাৰ ওপৰত বিশদভাৱে আলোকপাত কৰে । কোকৰাঝাৰ বিজ্ঞান কলেজৰ অধ্যক্ষ ড০ আৰ এন সিংহাই সংবাদ মাধ্যমক কয় যে, এনেধৰনৰ অৰিয়েন্টেচন শিৱিৰ সমগ্ৰ বিটিআৰৰ চলাই থকা হৈছে ।
আজি চিৰাং জিলাত তৃতীয় পৰ্যায়ত তিনিখন ঠাইত এই অৰিয়েন্টেচন শিৱিৰ অনুষ্ঠিত কৰা হৈছে । তাৰে ৰাতিপুৱা ৩০২ গৰাকী অধ্যক্ষ আৰু প্ৰধানশিক্ষকক লৈ ৰুনীখাতা হায়াৰ ছেকণ্ডাৰী, দুপৰীয়া ৪০৪ গৰাকীক লৈ কাজলগাঁও ছিনিয়ৰ হায়াৰ ছেকণ্ডাৰীত আৰু বিয়লি ২০০ গৰাকীক লৈ ঢালিগাঁও হাই স্কুলত অৰিয়েন্টেচন শিৱিৰ অনুষ্ঠিত কৰা হয় ।
নতুন শিক্ষানীতিৰ আধাৰত পঞ্চম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ ৭,৩৯,১০৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিএম আই টি টেষ্ট কৰাৰ ব্যবস্থা কৰা হ'ব আৰু ইয়াৰ বাবে যাবতীয় খৰচ বিটিআৰ চৰকাৰে বহন কৰিব বুলি সদৰি কৰে । তদপুৰি বিটিআৰ এলেকাৰ ৫৪,০০০ গৰাকী স্নাতক আৰু স্নাতকোত্তৰৰ ছাত্ৰ-ছাত্ৰীৰ নামত গাইপতি ৫ লাখ টকাকৈ গ্ৰুপ বীমা কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।