নিঃস্ব আৰু পৰিত্যক্ত বৃদ্ধসকলক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ সন্দৰ্ভত অৰিয়েণ্টেচন কাৰ্যসূচী

ড্ৰিম ইণ্ডিয়া নেটৱৰ্কে নিঃস্ব আৰু পৰিত্যক্ত বৃদ্ধসকলক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গুৱাহাটী পৌৰ নিগম আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ পদক্ষেপ...

ডিজিটেল সংবাদ, গুৱাহাটী : ড্ৰিম ইণ্ডিয়া নেটৱৰ্কে নিঃস্ব আৰু পৰিত্যক্ত বৃদ্ধসকলক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ। এই পদক্ষেপৰ প্ৰতি সহযোগিতা আগবঢ়াইছে কামৰূপ জিলা সমাজ কল্যাণ আৰু গুৱাহাটী পৌৰ নিগমকে ধৰি কেইবাটাও সংস্থাই।

Advertisment

উল্লেখযোগ্য যে, ড্ৰিম ইণ্ডিয়া নেটৱৰ্কে এই প্ৰকল্পত জড়িত হোৱাৰ বাবে ইতিমধ্যে গুৱাহাটীৰ চৰকাৰী আৰু বেচৰকাৰী সংস্থা উভয়ৰে মূল অংশীদাৰসকলক আমন্ত্ৰণ জনাইছে।  সংকল্প : হাব ফৰ এম্পাৱাৰমেণ্ট অৱ উইমেন, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, কামৰূপ (এম) ৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা জিলা সমাজ কল্যাণ, গুৱাহাটী পৌৰ নিগম আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ সহযোগত ইতিমধ্যে ২৫ এপ্ৰিলত আজাৰাৰ নিউ এয়াৰপৰ্ট ৰোডৰ এছভিডি হাউচত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। 

নিঃস্ব আৰু পৰিত্যক্ত বৃদ্ধসকলক উদ্ধাৰ আৰু পুনৰ সংস্থাপন

বিভিন্ন আশ্ৰয় গৃহ, বৃদ্ধাশ্ৰম, নিঃস্ব আৰু পৰিত্যক্ত বৃদ্ধসকলৰ বাবে কাম কৰা বেচৰকাৰী সংস্থাসমূহৰ লগতে চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ প্ৰতিনিধিয়ে দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য সঞ্চালকালয়ৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ শান্তিময়ী শৰ্মা বৰুৱা। 

একেদৰে উপস্থিত থাকে আন গণ্য-মান্য ব্যক্তিসকল। তাৰোপৰি সমল ব্যক্তিসকলৰ ভিতৰত আছিল ডি আই এনৰ অধ্যক্ষ ফাদাৰ এডৱাৰ্ড থমাছ, ডি আই এন ৰ চি ই অ’ ড০ সাজু পাৰককাল, জি এম চিৰ সহকাৰী আয়ুক্ত দিলাক্ষী কলিতা, ডেই-এন ইউ এল এমৰ ৰাজ্যিক প্ৰকল্প পৰিচালক আব্দুৰ মুকিট বিন ৰৌফ, ৱান ষ্টপ চেণ্টাৰৰ কেন্দ্ৰ প্ৰশাসক ইলুস্মিতা কোঁৱৰ, সংকল্পৰ সদস্য, টি আই এছ এছ গুৱাহাটী কেম্পাছৰ সদস্য আৰু ড্ৰিম ইণ্ডিয়া নেটৱৰ্কৰ সদস্যসকল।

guwahati