/asomiyapratidin/media/media_files/2025/04/29/N4SESTb0R5z64kgVIvyo.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু ড্ৰিম ইণ্ডিয়া নেটৱৰ্কৰ উদ্যোগত আৰু ৰাজ্যিক শিশু সুৰক্ষা সমিতি, অসমৰ সহযোগত যোৱা ২৪ এপ্ৰিল, ২০২৫ত অসমত যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুৰ বাবে ফষ্টাৰ কেয়াৰৰ সন্দৰ্ভত এক আলোচনাচক্ৰ অনুষ্ঠিত কৰে। আজাৰাৰ এছ ভি ডি হাউচত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে এ এছ চি পি চি আৰৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শইকীয়াই। একেদৰে আলোচনাচক্ৰত উপস্থিত থাকে ডি আই এনৰ অধ্যক্ষ তথা ফাদাৰ এডৱাৰ্ড থমাছ, চি ই অ’ ড০ সাজু পাৰককাল, এ এছ চি পি চি আৰ আৰু ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল। তাৰোপৰি ডি আই এনৰ সদস্যসকলৰ উপস্থিতিত উক্ত অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰা হয়।
এই আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে এ এছ চি পি চি আৰ, এছ চি পি এছ, ডি চি পি ইউ, চি ডব্লিউ চি, জে জে বি আৰু চি চি আই হোম, কামৰূপ আৰু কামৰূপ (মেট্ৰ’)ৰ এন জি অ’ৰ অধীক্ষকসকল। লগতে টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ অধ্যাপকসকলে আলোচনাত অংশগ্ৰহণ কৰে।