/asomiyapratidin/media/media_files/2025/04/01/hEI0fedAFHEk9BlMyT4x.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : সোণাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা ১৯ আৰু ২০ এপ্ৰিল (৫, ৬ বহাগ)ত ৩৮ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ বাবে প্ৰস্তুতি তুংগত উঠিছে । কৰচোং ছহিদ স্মৃতি খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ প্ৰথম দিনা পুৱা বিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদি বিভিন্ন কাৰ্যসূচীৰ পিছত বিয়লি সদৌ অসম ভিত্তিত বিহু কুৱঁৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
প্ৰতিযোগিতাৰ বৰ বিহুৱতীৰ প্ৰথম পুৰস্কাৰ, মানপত্ৰ, বঁটাৰ লগত নগদ ৩১০০০ টকা প্ৰদান কৰা হ'ব। একেদৰে বৰ বিহুৱতীৰ দ্বিতীয় পুৰস্কাৰ মানপত্ৰ ,বঁটাৰ লগতে নগদ ২৫০০০ টকা প্ৰদান কৰিব উদ্যোক্তাই।
বৰ বিহুৱতীৰ তৃতীয় পুৰস্কাৰত থাকিব মানপত্ৰ, বঁটা , নগদ ১৫০০০ টকা । লগতে শ্ৰেষ্ঠ ঢুলীয়া , তালিয়া, বিহুৱা , পেপুৱাৰ বাবে মানপত্ৰ আৰু নগদ ১০০০ টকা ধাৰ্য্য কৰা হৈছে।
দ্বিতীয় দিনা বিভিন্ন কাৰ্য্যসূচীৰ পাছত নিশা জনপ্ৰিয় কন্ঠশিল্পী জুবলীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। সোণাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি নৱ কুমাৰ বৰা, কাৰ্যকৰী সভাপতি লোকনাথ শইকীয়া, সম্পাদক ৰিন্টু গোস্বামীয়ে ৰঙালী বিহু উৎসৱৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।