/asomiyapratidin/media/media_files/2025/07/19/ap-for-web-jadu-2025-07-19-13-59-12.jpg)
ডিজিটেল সংবাদ, মায়ং : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত সমষ্টিয়ে সমষ্টিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত হৈছে গ্ৰীষ্মকালীন কৰ্মশালা'২০২৫ৰ। ইয়াৰে অংশ হিচাপে মৰিগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ পৰিকল্পনা অনুসৰি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত মায়ঙতো যাদু কলা বিষয়ত এটি সাত দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে।
মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ উদযাপন সমিতিৰ আয়োজনত অহা ২১ জুলাইৰ পৰা ২৭ জুলাইলৈ মায়ং আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰশিক্ষণ কৰ্মশালাখনি দুটা ভাগত বিভক্ত হ'ব বুলি মায়ঙৰ অন্যতম সাংস্কৃতিক সংগঠক ড০ উৎপল নাথে জানিবলৈ দিছে। কৰ্মশালাৰ প্ৰথম তিনিটা দিনত মন্ত্ৰ প্ৰসিদ্ধ মায়ঙৰ পৰম্পৰাগত মন্ত্ৰ সংস্কৃতিৰ লগতে প্ৰাচীন বনৌষধী সাধনাৰ ইতিহাস-ঐতিহ্য সম্পৰ্কে প্ৰশিক্ষাৰ্থী সকলক এটা সম্যক আভাস প্ৰদান কৰা হ'ব।
আনহাতে কৰ্মশালাৰ শেষৰ চাৰিটা দিনত প্ৰশিক্ষাৰ্থী সকলক বিজ্ঞান-প্ৰযুক্তি আধাৰিত আধুনিক যাদু কলাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব য'ত যাদু সম্ৰাট বিক্ৰম মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব। মূলতঃ পৰ্যটন উন্নয়ন মূলক কৰ্মসূচীৰ অংশ হিচাপে মায়ঙৰ পুৰাতনীয়া মন্ত্ৰ সংস্কৃতিৰ ঐতিহ্য সংৰক্ষণ আৰু আধুনিক যাদু কলাক পৰ্যটনৰ এক আকৰ্ষণীয় সমল হিচাপে উপস্থাপনত সহায়ক হোৱাকৈ উল্লেখিত কৰ্মশালাখনি আয়োজন কৰা হৈছে বুলি আয়োজকসকলৰ হৈ ড০ উৎপল নাথে অৱগত কৰিছে।
কৰ্মশালাখনিৰ সফলতাই অনাগত সময়ত মায়ঙৰ সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰখনৰ উত্তৰণত ধনাত্মক প্ৰভাৱ পেলাব বুলিও আয়োজকসকলে আশা প্ৰকাশ কৰিছে। কৰ্মশালাত অংশগ্ৰহণ কৰিব খোজা ছাত্ৰ-ছাত্ৰীসকলক বিপুল ডেকা ( ৮৪৮৬৩৭৯৮০৭), দূৰ্গেশ্বৰ নাথ ( ৯০৮৫৯১৩৪৭৫), ৰাজামনি নাথ ( ৮৮২২৭৬৯৩০৭), দীপজ্যোতি নাথ (৯৭০৬৩৫৭৮৭৪) নাইবা ৰূপম নাথ ( ৯৭০৬৫৭১০৯৫) ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।