চৰাইদেউত অগপৰ সাংগঠনিক তৎপৰতা : ৰাজ্যসভা আসনৰ বাবে হিৰণ্য কুমাৰ কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদানৰ আহ্বান

স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক লৈ চৰাইদেউত অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷  উল্লেখযোগ্য যে যোৱা ১ জুনৰ দিনা চৰাইদেউৰ পৰ্যটন ভৱনত

author-image
Asomiya Pratidin
New Update
agp...

ডিজিটেল সংবাদ, চৰাইদেউ : স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক লৈ চৰাইদেউত অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷  উল্লেখযোগ্য যে যোৱা ১ জুনৰ দিনা চৰাইদেউৰ পৰ্যটন ভৱনত দলটোৰ চৰাইদেউ আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সোণোৱাল কছাৰী আৰু মিছিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনকেন্দ্ৰিক এক দলীয় সভাত দলটোৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰি দলটোক শক্তিশালী কৰাৰ ৰণকৌশল তৈয়াৰ কৰা হয় ৷ 

Advertisment

ইফালে ৰাজ্যসভাৰ খালী হোৱা আসনত অগপ দলৰ ফালৰ পৰা উজনি অসমৰ এগৰাকী প্ৰতিনিধি আগবঢ়াই দিয়াত গুৰুত্ব আৰোপ কৰি দলৰ নেতৃত্বলৈ সভাখনৰ যোগেদি আহ্বান জনোৱা হয় বুলি জানিব পৰা গৈছে ৷ এইক্ষেত্ৰত বিশেষকৈ প্ৰক্তন মন্ত্ৰী, বৰ্তমানৰ হাইড্ৰকাৰ্বন এনাৰ্জিৰ অধ্যক্ষ তথা দলটোৰ সাধাৰণ সম্পাদক হিৰণ্য কুমাৰ কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ চৰাইদেউ জিলা সমিতি, শিৱসাগৰ জিলা সমিতিৰ লগতে উজনিৰ বুজনসংখ্যক দলীয় কৰ্মীয়ে দলৰ সভাপতি অতুল বৰাক আবেদন কৰা বুলি জানিবলৈ দিছে ৷

সভাত দলটোৰ কেন্দ্ৰীয় উপ সভাপতি পুতুল সোণোৱাল, উপ সভাপতি তুলসী গগৈ , কেন্দ্ৰীয় সম্পাদক মহেন্দ্ৰ ফুকন ,কৃষ্ণকান্ত দাস, যুটীয়া সম্পাদক মাহমৰা তত্বাৱধায়ক, শিৱসাগৰ জিলাৰ সভাপতি ঘন গগৈ , চৰাইদেউ জিলাৰ সভাপতি নাৰায়ণ লাহনৰ লগতে দুয়োখন জিলাৰ সকলো সমষ্টিৰ প্ৰতিনিধিসকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে  ।

charaideo