আৰ ডি মটৰ্ছৰ উদ্যোগত ছাত্ৰ -ছাত্ৰীৰ মাজত দলীয় কুইজ প্ৰতিযোগিতাৰ আয়োজন

সাম্প্ৰতিক বিশ্বত কুইজ বিভিন্ন ৰূপত শিক্ষা, মনোৰঞ্জন, আত্মমূল্যায়নৰ ক্ষেত্ৰত সৰ্বব্যাপী আহিলা হৈ পৰিছে। এই কুইজৰ তাৎপৰ্য্য, শিক্ষণ বৃদ্ধি, ছাত্ৰ- ছাত্ৰীৰ আকৰ্ষণ আৰু জ্ঞানৰ মূল্যায়নত ইয়াৰ ভূমিকা অন্বেষণৰ উদেশ্যে আগত ৰাখি অগ্ৰণী ব্যৱসায়িক প্ৰতিষ্ঠান

author-image
Asomiya Pratidin
New Update
20

ডিজিটেল সংবাদ, বটদ্ৰৱা : সাম্প্ৰতিক বিশ্বত কুইজ বিভিন্ন ৰূপত শিক্ষা, মনোৰঞ্জন, আত্মমূল্যায়নৰ ক্ষেত্ৰত সৰ্বব্যাপী আহিলা হৈ পৰিছে। এই কুইজৰ তাৎপৰ্য্য, শিক্ষণ বৃদ্ধি, ছাত্ৰ- ছাত্ৰীৰ আকৰ্ষণ আৰু জ্ঞানৰ মূল্যায়নত ইয়াৰ ভূমিকা অন্বেষণৰ উদেশ্যে আগত ৰাখি অগ্ৰণী ব্যৱসায়িক প্ৰতিষ্ঠান আৰ ডি মটৰ্ছে আয়োজন কৰিছে এখনি কুইজ প্ৰতিযোগিতাৰ।

ৰাখী পূৰ্ণিমা আৰু স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ আৰ ডি মটৰ্ছৰ উদ্যোগত অহা ৯ আগষ্ট, শনিবাৰে এখনি দলীয় কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ চৰকাৰী, বেচৰকাৰী বিদ্যালয়সমূহৰ চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীত অধ্যয়নৰত প্ৰতিযোগীৰ বাবে মুকলি এই কুইজ প্ৰতিযোগিতাখনি নগাঁও চহৰৰ খুটিকটীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে অনুষ্ঠিত হ'ব।

বিজ্ঞান, সাধাৰণ জ্ঞান, সাম্প্ৰতিক সময়, কলা আৰু সংস্কৃতি আদি বিষয় সামৰি অনুষ্ঠিত হ'বলগীয়া কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব সাদিন- প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক তথা কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই। প্ৰতিযোগিতাত প্রথম স্থান লাভ কৰা দলক নগদ তিনি হাজাৰ টকা, মানপত্ৰৰে সন্মান জনোৱা হ'ব।

একেদৰে দ্বিতীয় স্থান লাভ কৰা দলক  নগদ দুই হাজাৰ টকা, মানপত্ৰ আৰু তৃতীয় স্থান লাভ কৰা দলক নগদ এহেজাৰ টকা, মানপত্ৰ প্ৰদান কৰা হ'ব। আনহাতে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰা দলকো উপহাৰৰ টোপোলা আৰু মানপত্ৰ দিয়াৰ লগতে অংশ গ্ৰহণ কৰা প্ৰতিজন প্ৰতিযোগীক প্ৰমাণপত্ৰ আৰু লঘু আহাৰ প্ৰদান কৰা হ'ব।

ইচ্ছুক প্ৰতিযোগীক ৮৭২৪০১৮১৩৫, ৯১০১৭৫৪১২৭ আৰু ৮৬৩৮৫৮৯০০৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আয়োজকমণ্ডলীয়ে।

কুইজ