/asomiyapratidin/media/media_files/2024/12/03/pS548MSSheTIt9cticaJ.jpeg)
ডিজিটেল ডেক্সঃভাৰতৰ জৈৱিক খাদ্য সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম আঠ মাহত ৪৪৭.৭৩ মিলিয়ন ডলাৰ স্পৰ্শ কৰিছে। লক্ষনীয় যে যোৱা বছৰৰ মুঠ ৰপ্তানিৰ পৰিমাণ আছিল ৪৯৪.৮০ মিলিয়ন ডলাৰ।
লোকসভাত লিখিত উত্তৰত কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী নৱনীত সিং বিট্টুৱে উল্লেখ কৰে যে চলিত বৰ্ষৰ ২৫ নৱেম্বৰলৈকে ২৬৩,০৫০ মেট্ৰিক টন (এমটি) জৈৱিক খাদ্য সামগ্ৰী ৰপ্তানি কৰা হৈছে।
খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে জৈৱিক সামগ্ৰী উৎপাদন কৰা উদ্যোগসমূহক নিৰ্দিষ্ট ধন আবণ্টন দিয়া নাই যদিও বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই (এপিইডিএ) ইয়াৰ ৰপ্তানীকৃত সদস্যসকলক আৰ্থিক সাহায্য প্ৰদান কৰি জৈৱিক খাদ্য-সামগ্ৰী ৰপ্তানি কৰিছে ।
কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় জৈৱ উৎপাদন কাৰ্যসূচী (এনপিঅ’পি) ৰূপায়ণ কৰি আছে। য’ত প্ৰমাণীকৰণ সংস্থাসমূহৰ স্বীকৃতি, জৈৱিক উৎপাদনৰ বাবে মানদণ্ড প্ৰস্তুত আৰু জৈৱিক কৃষি আৰু বিপণনৰ প্ৰসাৰ আদি জড়িত হৈ আছে। এই কাৰ্যসূচীৰ অধীনত ভাৰতত ১,০১৬টা জৈৱিক প্ৰমাণিত প্ৰক্ৰিয়াকৰণ ইউনিট আছে।
ছেপ্টেম্বৰ মাহত কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই লুলু গ্ৰুপ ইণ্টাৰনেশ্যনেল (এল এল চি)ৰ সহযোগত সংযুক্ত আৰব আমিৰশ্বাহীত (ইউ এ ই) ভাৰতীয় জৈৱিক সামগ্ৰী প্ৰদৰ্শন কৰিছিল।
এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে কৃষক উৎপাদক সংস্থা (এফ পি অ’), কৃষক উৎপাদক কোম্পানী (এফ পি চি)আৰু সমবায়কে ধৰি ভাৰতীয় জৈৱিক খেতিয়কসকলক বিশ্বৰ বজাৰৰ সৈতে সংযোগ কৰি ভাৰতীয় জৈৱিক সামগ্ৰীৰ বাবে বহল প্ৰসাৰ নিশ্চিত কৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us