মৰবী নদীৰ দুৰ্ঘটনাক 'ভগৱানৰ ইচ্ছা' নাম অৰেভা কোম্পানীৰ মেনেজাৰৰ...

author-image
Asomiya Pratidin
New Update
মৰবী নদীৰ দুৰ্ঘটনাক 'ভগৱানৰ ইচ্ছা' নাম অৰেভা কোম্পানীৰ মেনেজাৰৰ...

ডিজিটেল ডেস্ক : হৃদয়বিদাৰক মৰবী নদীৰ দুৰ্ঘটনাক 'ভগৱানৰ ইচ্ছা' আখ্যা দিলে অৰেভা কোম্পানীৰ মেনেজাৰে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে দুৰ্ঘটনাটিৰ অনুসন্ধানৰ সৈতে জড়িত হৈ থকা অধিবক্তা এইচ এছ পাঞ্চালে । মেনেজাৰ গৰাকীৰ এনে টুলুঙা মন্তব্যৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে তুমুল বিতৰ্কৰ । ওলমা দলং খনৰ পুনৰ্নিমাণৰ দ্বায়িত্বত থকা প্ৰতিষ্ঠানটিৰ মেনেজাৰে দিয়া এই দায়সৰা মন্তব্যই যেন উপলুঙা কৰিছে সমগ্ৰ দেশৰ ন্যায় ব্যৱস্থাটোকে ।

Advertisment

উল্লেখ্য যে, অক্টোবৰৰ ৩১ তাৰিখে গুজৰাটৰ মৰবী নদীৰ ওপৰত সংঘটিত হৈছিল এক ভয়াৱহ দুৰ্ঘটনা । পুনৰ্নিমাণৰ অন্তত জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ ৫ দিন পাছতেই অত্যাধিক বোজা আৰু কিছু লোকৰ অসাৱধানতাৰ ফলত ভাঙি পৰিছিল দলং খন । প্ৰায় ১৪১ ৰো অধিক লোকৰ মৃত্যু হোৱা এই শোকাৱহ ঘটনাটোৰ পাছত পোহৰলৈ আহিছিল বহু কথা ।

দলং এখন পুনৰ্নিমাণৰ দ্বায়িত্ব কিদৰে এটি ঘড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানক বিনা চৰকাৰী টেণ্ডাৰত দিয়া হৈছিল আৰু প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত কিয় প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰীৰ নাম কিয় নাই বুলি চৰকাৰক প্ৰশ্ন কৰে বিৰোধী দলে ।

এই দুটি প্ৰশ্নৰ ওপৰিও ২০১৬ চনত পশ্চিম বংগত দলং ভাঙি পৰা দুৰ্ঘটনাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ভগৱানৰ ইচ্ছাৰ ঠাইত প্ৰৱঞ্চকৰ ইচ্ছা আখ্যা দিয়াৰ পাছত এতিয়া মৰবী নদীৰ দুৰ্ঘটনাক প্ৰৱঞ্চকৰ ইচ্ছা আখ্যা দিছে বিৰোধীয়ে ।

তেনে সময়তেই, প্ৰতিষ্ঠানটিৰ মেনেজাৰৰ এনে মন্তব্যৰ পাছত ক্ষোভত ফাটি পৰিছে ভুক্তভোগীৰ পৰিয়াল ।

gujrat