এটা নিৰ্দেশনাই হাঁহাকাৰ লগাইছে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত...

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ এটা নিৰ্দেশনাই কৰ্মচাৰীসকলক বিমোৰত পেলাইছে।  ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাত কোৱা হৈছে যে,  চাকৰিৰ স্থান বদলিৰ বাবে তেওঁলোকে যি

author-image
Asomiya Pratidin
New Update
চৰকাৰী কৰ্মচাৰী

চৰকাৰী কৰ্মচাৰী

ডিজিটেল জেস্কঃ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ এটা নিৰ্দেশনাই কৰ্মচাৰীসকলক বিমোৰত পেলাইছে।  ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাত কোৱা হৈছে যে,  চাকৰিৰ স্থান বদলিৰ বাবে তেওঁলোকে যি আবেদন কৰিছিল সেয়া বাতিল কৰা হৈছে। গতিকে অহা এসপ্তাহৰ ভিতৰত তেওঁলোকে পূৰ্বৰ স্থানত চাকৰিত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

হঠাতে ৰাজ্য চৰকাৰে দিয়া এই নিৰ্দেশনাৰ বাবে কৰ্মচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা সদৰি কৰিছে। কৰ্মচাৰীসকলৰ পৰিয়াল এটা গতিত চলি থকা জীৱন ধাৰাত হঠাতে বেমেজালিৰ সৃষ্টি হৈছে। সতি-সন্ততি, পিতৃ-মাতৃৰ আলপৈচানৰ লগতে হঠাতে ওলোৱা এই নিৰ্দেশনাৰ বাবে এতিয়া চিন্তিত বিভিন্ন বিভাগৰ কৰ্মচাৰীসকল।

ইফালে মিচুৱেল চাকৰি বদলিকৰণৰ বাবে যি সুবিধা আৰম্ভ কৰিছিল, সেই সুবিধাৰ আধাৰত আবেদন কৰাৰ বাবে বহু কৰ্মচাৰীয়ে জ্যেষ্ঠ-কনিষ্ঠ পদবীক লৈ স্থান বদলিকৰণক লৈও অসুবিধাৰ সৃষ্টি হৈছে। বিভিন্ন ঠাইত এটাচমেন্টত থকা কৰ্মচাৰীয়ে একো একোটা কাৰ্যালয়ত অকল্পনীয় ভিৰৰ সন্মুখীন হৈছে। 

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী