/asomiyapratidin/media/media_files/2025/07/30/jatin-2025-07-30-13-24-26.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ ওৰাঙৰ চুতীয়াপাৰা গাঁৱৰ সমাজ হিতৈষী ব্যক্তি, আদৰ্শ কৃষক ৰবিৰাম ডেকাৰ দেহাৱসান। ৰবিৰাম ডেকাৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতেই তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে অজস্ৰ গুণমুগ্ধই।
কেইবাটাও জাতীয় সংগঠনৰ নেতৃত্ব, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, কোচ ৰাজবংশী উন্নয়ণ পৰিষদ, মাজবাটৰ বিধায়ক চৰণ বড়ো, ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰ, বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ অএচডি ৰাজু ঢকাল, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু কিশান, মাজবাটৰ বিশিষ্ট সমাজ সেৱক ৰামকৰণ গৌড়, ওদালগুৰি জিলা ইউপিপিএল নেতা সবিন বসুমতাৰী, ওৰাং ভিচিডিচিৰ অধ্যক্ষ দ্বিব্যজ্যোতি শইকীয়া, ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়ত সভাপতি হেমন্ত ডেকা, ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতা, ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকা, ৰৌতা মণ্ডল বিজেপিৰ সম্পাদক সমলা দৈমাৰী, ওৰাঙৰ অন্যতম এনজিঅ সাৰথি ন্যাসৰ সদস্যই জ্ঞাপন কৰে সমবেদনা।
লগতে ওৰাং প্ৰেছ ক্লাৱ, ওদালগুৰি জিলাৰ সাংবাদিক সংগঠন, আপকু ওদালগুৰি জিলা সমিতি, ইউপিপিএলৰ নেতা চবিন বসুমতাৰী, দৈখুংগুৰ দৈমাৰী, ২ নং শইকীয়া চুবুৰী ভিচিডিচিৰ অধ্যক্ষ অজৰ বসুমতাৰী, নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম, পূৱ ওদালগুৰি সাংবাদিক সন্থাৰ প্ৰতিনিধি, ৰৌতা প্ৰেছ ক্লাৱ,ওৰাং সাংবাদিক সংস্থা,ওদালগুৰি জিলা সাংবাদিক কল্যান আৰু উন্নয়ন সংস্থাৰ প্ৰতিনিধি, মাজবাট অঞ্চলৰ বিশিষ্ট কবি গুণাৰাম শইকীয়া, মাজবাট অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, বড়োলেণ্ড সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় উপদেষ্টা নৱ কুমাৰ ডেকা, শোণিতপুৰ জিলাৰ জিলা পৰিষদৰ সদস্য সকল, বড়োলেণ্ড সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি গুণজিৎ দাস, সম্পাদক নাৰায়ণ ডেকা, উপদেষ্টা গৌতম জ্যোতি তালুকদাৰ, অঞ্জনজ্যোতি শৰ্মা, বিহুগুৰী খণ্ড সামূহিক স্বাস্থ্য প্ৰবন্ধক পংকজ সভাপণ্ডিত, গৌতম জ্যোতি তালুকদাৰ, অঞ্জনজ্যোতি শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি ডেকা, ৰিম্পী গগৈ, নিপু কাকতি, গিৰিণ ৰাভা, শশাংক শৰ্মা, হিমজ্যোতি কাশ্যপ, ওৰাঙৰ গোবিন্দ দাস,ৰৌতাৰ আব্দুল আৱাল, গৌৰৱ গোস্বামী, অঞ্চলটোৰ প্ৰতিষ্টিত ব্যৱসায়ী, ধৰ্মপ্ৰাণ লোক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী উপস্থিত হয় ৰবিৰাম ডেকাৰ বাসগৃহত।
১৯৪৯ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখে ওৰাং অঞ্চলৰ চুতিয়াপাৰা গাঁৱত জন্ম গ্রহণ কৰি প্ৰয়াত ৰবিৰাম ডেকাই সৰুৰে পৰা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল। তেওঁ এজন আদর্শ খেতিয়কৰ হৈ সমাজলৈ ইতিবাচক বার্তা দিয়াৰ লগতে নিজৰ সন্তানকেইটাক শিক্ষিত কৰি তুলিছিল। ৰবিৰাম ডেকা ওৰাঙৰ প্ৰতিদিন টাইমৰ সাংবাদিক যতীন ডেকাৰ পিতৃ। বিগত ২০ জুলাই তাৰিখে ৰবিবাৰে তেওঁৰ মহান আত্মাই সকলোকে কন্দুৱাই অকালতে চিৰবিদায় মাগে। ৰবিৰাম ডেকাৰ দৰে অতি সহজ সৰল, ধর্মপ্রাণ, কর্মযোগী আৰু সমাজ হিতৈষী ব্যক্তিক হেৰুৱাই সকলোৱে গভীৰ শ্ৰদ্ধা জনায়। লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি স্বর্গীয় ৰবিৰাম ডেকাদেৱৰ উত্তৰ পুৰুষক প্রয়োজনত সহায় কৰাৰ গভীৰ আশ্বাস প্রদান কৰে।