/asomiyapratidin/media/media_files/2025/03/17/onzn9qldtTeIGYIUotSI.jpg)
ডিজিটেল সংবাদ,মাজবাট: সোমবাৰে মাজবাটত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। মাজবাটৰ নিজৰা জংগলৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৪৭ কেজি গাঞ্জা। মাজবাট আৰক্ষী আৰু এছএছবি ৰ যুতীয়া অভিযানত জব্দ কৰা হয় গাঞ্জাখিনি।
আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মাজবাটৰ লামাবাৰীৰ চিকদেউ কিষাণ (৩০) নামৰ এজন সৰবৰাহকাৰীক। অৰুণাচল প্ৰদেশৰ পৰা সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি। জব্দকৃত ভাং খিনিৰ আন্তঃৰাজ্যিক আনুমানিক বজাৰ মূল্য প্ৰায় ১৪ লাখ ৭০হাজাৰ টকা হ'ব বুলি জানিব পৰা গৈছে। ঘটনা সন্দর্ভত মাজবাট আৰক্ষীয়ে ১৯/২৫ নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।