মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধী ঐক্য মঞ্চৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধী ঐক্য মঞ্চৰ
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক মন্তব্য কৰি সমাজত বিষবাষ্প বিয়পোৱাৰ অপচেষ্টাত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিলে বিৰোধী ঐক্য মঞ্চই! কেৱল অভিযোগেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ বুধবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে বিৰোধী ঐক্য মঞ্চই। বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰী দলসমূহ ক্ৰমে জাতীয় কংগ্ৰেছ,অসম জাতীয় পৰিষদ,জাতীয় দল অসম, ৰাইজৰ দল,অসম তৃণমূল কংগ্ৰেছ, এ পি এইচ এল চি, চিপিআই, চিপিআই (এম), শিৱ সেনা, ৰাষ্ট্ৰীয় জনতা দল অসমৰ লগতে আন কেবাটাও দলৰ নেতা সকল একত্ৰিত হৈ ৰুজু কৰা গোচৰত উল্লেখ কৰে যে, ধৰ্ম আৰু জাতিৰ দোহাই দি বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধিৰ চেষ্টা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই!

লগতে এজাহাৰত উল্লেখ কৰে যে, ধিং কাণ্ডৰ বিৰোধিতাৰে সমগ্ৰ অসমতে ক্ষোভৰ বিস্ফোৰণ ঘটিছে। এই ঘটনাৰ সুযোগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে। ফলস্বৰূপে ৰাজ্যত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে! বিৰোধী ঐক্য মঞ্চই লগতে অভিযোগ উত্থাপন কৰে যে, শিৱসাগৰত একাংশ ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ চলাইছিল।

এই ঘটনা বিজেপি নেতা ময়ুৰ বৰগোহাঁইৰ নেতৃত্বত সংঘটিত হোৱাৰ অভিযোগ তোলে বিৰোধী ঐক্য মঞ্চই। তেওঁলোকৰ অভিযোগ যে, তেওঁৰ অধীনত কৰ্মৰত একাংশ শ্ৰমিকক শাৰীৰিক নিৰ্যাতন চলাইছিল বৰগোহাঁয়ে। হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন বিজেপি নেতাসকলে ৰাজ্যত অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰা উদ্দেশ্যে এই কাম কৰা বুলি অভিযোগ কৰে বিৰোধী ঐক্য মঞ্চই।

বিৰোধী ঐক্য মঞ্চই লগতে অভিযোগ উত্থাপন কৰিছে যে, শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি উত্তেজক বক্তব্য দিয়াৰ ইতিহাস আছে। এবছৰ পূৰ্বে শৰ্মাই এটা বিশেষ সম্প্ৰদায়ৰ লোকক গুৱাহাটীৰ পৰা উচ্ছেদ কৰিবলৈ ৰাইজক অনুৰোধ কৰিছিল। ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে নিজৰ যুঁজখন অব্যাহত ৰাখি অভিযুক্ত ব্যক্তিজনে ৪-৮-২০২৪ তাৰিখে শ্বাহ আলম নামৰ এজন সাংবাদিকক সাম্প্ৰদায়িক ইংগিতেৰে লক্ষ্য কৰি লৈছিল।

ইয়াৰোপৰি ২৩-৮-২০২৪ তাৰিখে এখন সংবাদমেলত অভিযুক্ত ব্যক্তিজনে পুনৰ সম্প্ৰদায়টোৰ কথা উল্লেখ কৰি কিছুমান ভিত্তিহীন বুলি দাবী কৰে। সম্প্ৰদায়টোৰ লোকে এটা বিশেষ অঞ্চলত প্ৰৱেশ কৰি লোকসকলক গো মাংস খাবলৈ বাধ্য কৰে।ফলত বহু লোকে অঞ্চলটো ত্যাগ কৰে। এইদৰে তেওঁলোকে এই অঞ্চলসমূহ বেদখল কৰে।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা দলীয় বৈঠকত তেওঁ নিজকে উন্মাদ কুকুৰ বুলি দাবী কৰে। ইয়াৰ পৰাই তেওঁৰ যুদ্ধংদেহি স্বভাৱৰ অনুমান কৰিব পাৰি। এনে ব্যক্তিক যদি তৎক্ষণাত গ্ৰেপ্তাৰ কৰি সংযত কৰা নহয় তেন্তে তেওঁ নিজ ৰাজনৈতিক মুনাফাৰ বাবে ৰাজ্যখনত যিকোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। সেয়ে অভিযুক্ত ব্যক্তিজন আৰু তেওঁৰ সহযোগী ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ৬১, ১৯৬ আৰু ৩৫(২)ৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ আহ্বান জনাইছে বিৰোধী ঐক্য মঞ্চই।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধী ঐক্য মঞ্চৰ
সাম্প্রদায়িক সংঘৰ্ষ আৰু তুষ্টিকৰণ কংগ্ৰেছৰ ৰাজনৈতিক মতাদর্শ…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in