"গণতন্ত্ৰক পনবন্দী কৰি নিৰ্বাচন জিকিছে বিজেপিয়ে"

"গণতন্ত্ৰৰ হত্যাকাৰী, গণবিৰোধী বিজেপি দলক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত অসমত সকলো বিজেপি আৰু এ আই ডি এফ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হোৱাৰ বিকল্প নাই" বুলি মত প্ৰকাশ।

author-image
Asomiya Pratidin
New Update
বিৰোধী একত্ৰিত হোৱাৰ বাদে বিকল্প নাই

বিৰোধী একত্ৰিত হোৱাৰ বাদে বিকল্প নাই

ডিজিটেল ডেস্ক, গুৱাহাটী: ৰাজ্যত সম্পন্ন হোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ একচেটিয়া বিজয়ত চিন্তিত ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চ 'অসম'য়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছক বাদ দি ৰাজ্যৰ বাকী আগশাৰীৰ বিৰোধী দলসমূহৰ ঐক্যমঞ্চ 'অসম সন্মিলিত মৰ্চা' চমুকৈ 'অসম'ৰ মতে, বিজেপি দলে পূৰ্বৰ দৰে এইবাৰো গণতান্ত্ৰিক প্ৰমূল্যক পণবন্দী কৰি নিৰ্বাচনত একচেটিয়া বিজয় সাব্যস্ত কৰিছে।

Advertisment

 'অসম' মিত্ৰজোঁটৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে, "চৰকাৰী ক্ষমতাৰ অপপব্যৱহাৰ কৰি শাসনাধিষ্ঠিত বিজেপি দলে এইবাৰ ৰাজ্যৰ বহু ঠাইত বিভিন্ন পঞ্চায়তী নিকায়ত নিজ দলৰ বিজয় নিশ্চিত কৰিছে। আৰক্ষীক ব্যৱহাৰ কৰি বহু ঠাইত বিৰোধীৰ প্ৰাৰ্থীক দুৰ্বল কৰাৰ পৰা আৰম্ভ কৰি বিজেপিক ভোট নিদিলে আঁচনি কাটি দিয়াৰ ভয় দেখুৱাই ভোটাৰক ব্লেকমেইলিং কৰালৈকে সকলো ধৰণৰ অন্যায় আৰু অনৈতিক পন্থাৰ আশ্ৰয় লৈ এইবাৰ বিজেপিয়ে অসমৰ নিৰ্বাচনী ইতিহাসত এক কুখ্যাতি অৰ্জন কৰিলে। ধন বল, বাহুবলৰ ব্যৱহাৰৰ ক্ষেত্ৰতো একাংশ বিজেপি নেতা আৰু প্ৰাৰ্থীয়ে অসমৰ ৰাজনীতিলৈ বিহাৰ-উত্তৰ প্ৰদেশত এসময়ত চলা অনৈতিক ৰাজনৈতিক পৰম্পৰাৰো আমদানি কৰিলে। এনেদৰে দেশৰ সংবিধান প্ৰদত্ত পৱিত্ৰ গণতান্ত্ৰিক ব্যৱস্থাক পনবন্দী কৰি বিজেপি দলে ৰাজ্যত নিজৰ জনপ্ৰিয়তাৰ এখন ভুৱা ছবি দাঙি ধৰিলে" বুলি ভূঞা আৰু গগৈয়ে মত প্ৰকাশ কৰে।

আনহাতে, "গণতন্ত্ৰৰ হত্যাকাৰী, গণবিৰোধী বিজেপি দলক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত অসমত সকলো বিজেপি আৰু এ আই ডি এফ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হোৱাৰ বিকল্প নাই" বুলি মত প্ৰকাশ কৰি বিবৃতিটোত 'অসম' মিত্ৰজোঁটৰ নেতাদ্বয়ে কয় যে, "বিগত সময়ত যেতিয়াই বিজেপিয়ে একচেটিয়া বিজয় সাব্যস্ত কৰিছে, প্ৰতিবাৰেই দেখা গৈছে যে শাসক দলটোৱে বিৰোধীৰ ভোট বিভাজনৰ সুযোগ গ্ৰহণ কৰিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনতো বিৰোধীৰ ভোট বিভাজনৰ সুযোগ লৈ বিজেপিয়ে একচেটিয়া বিজয় সাব্যস্ত কৰা" বুলি উল্লেখ কৰি ভূঞা আৰু গগৈয়ে কয় যে ২০২৬ চনৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ হ'লে সকলো ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজনৈতিক দল একত্ৰিত হোৱাৰ বিকল্প নাই এই কথা বিৰোধী দলসমূহৰ নেতৃত্বই উপলব্ধি কৰা উচিত বুলি মন্তব্য কৰে।

লুৰীণজ্যোতি গগৈ অজিত কুমাৰ ভূঞা