ৰাষ্ট্ৰপতি শপত গ্ৰহণ অনুষ্ঠানত নাপালে ভাল আসন, অসন্তুষ্ট বিৰোধীৰ পত্ৰ…

ৰাষ্ট্ৰপতি শপত গ্ৰহণ অনুষ্ঠানত নাপালে ভাল আসন, অসন্তুষ্ট বিৰোধীৰ পত্ৰ…

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত আজি বিৰোধী দলসমূহে তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰে। এই অসন্তুষ্টিৰ কাৰণ আছিল ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ পদৰ সৈতে সংগতি ৰাখি আসনত বহিবলৈ দিয়া হোৱা নাছিল।

  বিৰোধী দল সমূহে এখন পত্ৰ লিখি কয় যে, আজি ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত মল্লিকাৰ্জুন খাৰ্গেক এনে এখন আসনত বহিবলৈ দিয়া হৈছিল যিখন তেওঁৰ পদৰ মৰ্যাদাৰে সৈতে খাপ নাখায়।

লগতে পত্ৰত উল্লেখ কৰে যে শিষ্টাচাৰৰ প্ৰটচকলো ভংগ কৰা হৈছে। তেওঁ ৰাজ্যসভাৰ সভাপতি এম ভেংকেয়া নাইডুক এই পত্ৰ প্ৰেৰণ কৰে।তেওঁৰ মতে একাংশই পৰিকল্পিত ভাৱে তেওঁৰ অনাদৰ কৰিছে।

কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশেও এই সন্দৰ্ভত টুইট কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে , তৃণমূল কংগ্ৰেছৰ সদস্যইও এই দাবী কৰিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in