যুদ্ধ মানে ভিডিঅ' গেম নহয়, ষ্টুডিঅ'ত বহি কথা কোৱা সকলে এই কথা বুজিব লাগিব...

নতুন দিল্লীত অনুষ্ঠিত হোৱা দ্য কনক্লেভ-২০২৫ৰ দ্বিতীয় দিনটোৰ প্ৰথমখন আলোচনা সত্ৰ আৰম্ভ হয় পুৱা ১০.৩০বজাৰ পৰা। এই সত্ৰখনত আলোচিত বিষয় আছিল- অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ। এই আলোচনা

New Update
ap web hjdtjdgtk (1)

ডিজিটেল ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হোৱা দ্য কনক্লেভ-২০২৫ৰ দ্বিতীয় দিনটোৰ প্ৰথমখন আলোচনা সত্ৰ আৰম্ভ হয় পুৱা ১০.৩০বজাৰ পৰা। এই সত্ৰখনত আলোচিত বিষয় আছিল- অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ। এই আলোচনা সত্ৰখন পৰিচালনা কৰে   প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে।

এই আলোচনা সত্ৰত ভাগ লয় দ্য ৱায়াৰৰ জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰোটি। এছিয়া পেছিফিক বিবিচিৰ  এডিটৰিয়েল লিড শচীন গগৈ আৰু ভাৰত শক্তি গোটৰ প্ৰতিষ্ঠাপক নীতিন এ গোখলে। এই আলোচনা সত্ৰখনিত ভাৰতৰ সামৰিক শক্তি, সীমান্ত সুৰক্ষা আৰু শেহতীয়াকৈ অপাৰেশ্যন সিন্দূৰৰ সময়ত দেশৰ সংবাদমাধ্যমৰ ভূমিকাৰ সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। 

THECONCLAVE

অপাৰেশ্যন সিন্দূৰৰ সময়ত দেশৰ সংবাদমাধ্যমৰ ভূমিকাৰ সন্দৰ্ভত সংগীতা বৰুৱা পিছাৰোটিয়ে কয় যে, অপাৰেশ্যন সিন্দূৰৰ সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় গৰিষ্ঠ সংখ্যক নিউজ চেনেল কেৱল আভুৱা ভৰা বাতৰি চলি। যুদ্ধ আৰু কিছু কূটনৈতিক দিশক লৈ কেৱল মাত্ৰ ভুৱা খবৰৰে ভৰি পৰিছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যম। কিন্তু এনে পৰিস্থিতিৰ মাজতো দেশৰ বাতৰি কাকত আৰু ডিজিটেল মিডিয়াই নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা বুলি উল্লেখ কৰে সাংবাদিকগৰাকীয়ে।

THE CONCLAVE

অপাৰেশ্যন সিন্দূৰৰ সময়ত প্ৰকৃত খবৰ প্ৰকাশ কৰা সংবাদগোষ্ঠীৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি অসন্তুষ্টি প্ৰকাশ কৰে সংবাদিক সংগীতা বৰুৱাই পিছাৰোটিয়ে। তেওঁ কয় যে, যুদ্ধৰ সময়ত আমি কোনো মিছা বা ভুৱা খবৰ প্ৰচাৰ কৰা নাছিলো। আমাৰ 'ৱায়াৰ' সংবাদ প্ৰতিষ্ঠান ১২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল। কিন্তু চি এন এনে যি প্ৰতিবেদন প্ৰচাৰ কৰিছিল আমিও সেয়াই প্ৰচাৰ কৰিছিলো।

যুদ্ধৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে দিয়া ভুৱা আৰু মনে সজা খবৰৰে পাশ্বক্ৰিয়া শেহতীয়াকৈ নেপালত দেখিবলৈ পোৱা বুলিও কয় সংগীয়া বৰুৱাই। তেওঁ কয়-  ভাৰতৰ টেলিভিছন চেনেলৰ এনে অৱস্থাৰেই পৰিণতিতে শেহতীয়াকৈ নেপালত ভাৰতীয় টেলিভিছন চেনেলৰ সংবাদ কৰ্মীৰ ওপৰত হোৱা জঘন্য ব্যৱহাৰ সংঘটিত হ'ল। কিন্তু লক্ষ্যণীয়ভাৱে ডিজিটেল মিডিয়াৰ কৰ্মীৰ সৈতে তেনে ঘটনা সংঘটিত হোৱা দেখা নাই।  এনে পৰিস্থিতিৰ পৰা আমি আচঁলতে নিজক শুধৰণি কৰা উচিত। 

THE CONCLAVE

আনফালে অপাৰেশ্যন সিন্দূৰৰ সময়ত ভাৰতৰ সংবাদ মাধ্যমৰ ভূমিকাৰ সন্দৰ্ভত ক'বলৈ গৈ জ্যেষ্ঠ সাংবাদিক শচীন গগৈয়ে এগৰাকী আমেৰিকান বিখ্যাত লেখকৰ বাক্য আওঁৰায়। তেওঁ কয় যে,  জনপ্ৰিয় আমেৰিকান লেখক ডগলেছ কেনেডীয়ে কৈছিল-আমি সকলোৱে কথা পাতো অসত্যক আমি কিমান বেছি বেয়া পাওঁ। কিন্তু আমি প্ৰায়ে অসত্যকে অগ্ৰাধিকাৰ দিওঁ। কাৰণ আমি অসত্যক প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে সুবিধাজনক অসত্যতহে সুবিধা বিচাৰি পাওঁ। এয়া অপ্ৰিয় হ'লেও সত্য।

এখন গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমৰ ভূমিকাক লৈ গগৈয়ে লগতে কয়-  সংবাদ প্ৰতিষ্ঠান হিচাপে আমাৰ কাম চৰকাৰৰ ভাষ্য প্ৰকাশ কৰা নহয়। চৰকাৰে তেওঁলোকৰ ভাষ্য জনতাৰ মাজলৈ লৈ যাবলৈ বহু মাধ্যম আছে। আমি চৰকাৰৰ সকলো কাম-কাজ সুক্ষ্মভাৱে পৰ্যালোচনা কৰি তাৰ দুয়োটা দিশ বিবেচনা কৰি চাব লাগিব। 

গগৈয়ে লগতে কয়-  বিশ্বৰ বিভিন্ন প্ৰান্তত বিবিচিৰ কামক লৈ বহু সমলোচনা আৰু কটাক্ষ হয়। আমি সবিনয়ৰে গ্ৰহণ কৰো।বিবিচিত যোগদান কৰাৰ পাছত মোক মোৰ সম্পাদকগৰাকীয়ে কৈছিল- সংবাদ মাধ্যম হিচাপে আমাৰ ভূমিকা শক্তিশালী জনকহে প্ৰশ্ন কৰা, সেইজন ব্যক্তিক নহয় যি বিৰোধীত আছে।

এগৰাকী ভাৰতীয় আৰু এগৰাকী সংবাদিকৰ দেশপ্ৰেমৰ সন্দৰ্ভত সংবাদিক গগৈয়ে কয়-  এগৰাকী ভাৰতীয় হিচাপে মই আনতকৈ কম দেশপ্ৰেমিক বুলি নাভাবো। কিন্তু যেতিয়া মই লেপেলডাল লগাই লওঁ, কীব'ৰ্ডৰ সন্মুখত যেতিয়া সাজু হওঁ তেতিয়া মই এগৰাকী খঙাল দেশপ্ৰেমিক হ’ব নোৱাৰো। মই এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কাম কৰো। আমি প্ৰায়ে পাহৰি যাওঁ সংবাদ মাধ্যমে এক নিৰ্দিষ্ট দৰ্শকৰ বাবে কাম কৰে। আমাৰ ক্ষেত্ৰত, মই যেতিয়া কেমেৰাৰৰ সন্মুখত থিয় হওঁ, যেতিয়া বাতৰি লিখো তেতিয়া মই সমগ্ৰ বিশ্বৰ দৰ্শক, পঢ়ুৱৈৰ কথা ভাবোঁ। 

আনফালে  ভাৰত শক্তি গোটৰ প্ৰতিষ্ঠাপক নীতিন এ গোখলেই যুদ্ধৰ বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত সংবাদমাধ্যম অধিক সচেতন হোৱাৰ পোষকতা কৰে। তেওঁ কয় যে, সংবাদ মাধ্যমক মানুহে বিশ্বাস কৰে। যুদ্ধৰ বিভীষিকাৰ সময়ত সংবাদ মাধ্যমৰ জৰিয়তেই সাধাৰণ লোকে খবৰ লাভ কৰে গতিকে তেওঁলোক সচেতন হোৱাটো তেওঁলোকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব।

THE CONCLAVE

তেওঁ লগতে কয় যে, যুদ্ধ মানে ভিডিঅ গেমত খেলা এটা কেৱল খেল নহয়। এই যুদ্ধত প্ৰাণৰ বাজি লগায় দেশৰ সৈনিক সকলে। দেশ ৰক্ষাৰ বাবে সীমান্ত যুঁজ দিয়ে। গতিকে টিভিৰ ষ্টুডিঅ'ত বহি আমি আবোল তাবোল বকিম সেয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিশেষকৈ টি ভি চেনেলসমূহে ভৱাৰ বহুখিনি অৱকাশ আছে।

নীতিন এ গোখলেয়ে তেওঁৰ ভাষ্যত দশকজুৰি প্ৰযুক্তিয়ে কেনেদৰে সাংবাদিকতাক সলনি কৰিছে সেই সন্দৰ্ভত আলোচনা কৰি তেওঁৰ সাংবাদিকতাৰ জীৱনযাত্ৰাক “টেলিগ্ৰামৰ পৰা টেলিগ্ৰাম এপ”লৈ যাত্ৰা বুলি। কাৰ্গিলৰ লগত অপাৰেচন সিন্দুৰৰ তুলনা কৰি তেওঁ উল্লেখ কৰে যে কাৰ্গিলৰ সময়ত সাংবাদ মাধ্যমে, সাংবাদিকে মাটিৰ পৰা দেখা ঘটনাসমূহ দেখুৱাইছিল, কিন্তু এতিয়া প্ৰযুক্তিয়ে সময় আৰু স্থান দুয়োটাই খহাই পেলাইছে—তথ্য প্ৰেৰণ আৰু গ্ৰহণৰ ধৰণ সলনি কৰিছে।

গোখলেয়ে এতিয়া সন্ধিয়া ৬ বজাৰ পিছত ভাৰতীয় টিভিৰ অৱস্থাক লৈ দুখ প্ৰকাশ কৰি কয়, এই সময়ত টিভিৰ বাতৰি “খবৰ নহয়, মতামত”। এংকৰ আৰু পেনেলিষ্টে এজনে আনজনৰ ওপৰত চিঞৰি থকা অৱস্থালৈ পৰিণত হৈছে। ১৫ বছৰৰ আগতে টেলিভিছনে যি স্থান অধিকাৰ কৰিছিল, তাক এতিয়া ডিজিটেল মাধ্যমেই পুনৰ দখল কৰিছে।

তেওঁ ডিজিটেল সাংবাদিকতাত অভিজ্ঞতাৰ অভাৱক এটা ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি কয়, “এতিয়া খবৰ সংগ্ৰহ কৰা বিষয়টো দ্বিতীয় স্থানলৈ ঠেলি দিয়া হৈছে। প্ৰত্যেকখন যুদ্ধৰ এটা ৰাজনৈতিক লক্ষ্য থাকে। তেওঁ কয়, অপাৰেচন সিন্দুৰ “যুদ্ধ নহয়, এক বিৰতিহে” দেশে আগন্তুক ছয় মাহৰ ভিতৰত পুনৰ আন এটা অপাৰেচন দেখিবও পাৰে।

উল্লেখ্য যে, এই প্ৰথমখন সত্ৰত উপস্থিত থকা অতিথি সকলক ভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে প্ৰশ্ন কৰে। আগন্তুক সময়ত সংবাদমাধ্যমৰ ভূমিকাৰ সন্দৰ্ভত আলোচিত এই সত্ৰখনত অন্যান্য ভিন্ন দিশৰ ওপৰতো বিস্তৃতভাৱে আলোচনা কৰা হয়। 

প্ৰতিদিন অসমীয়া প্ৰতিদিন 'অসমীয়া প্ৰতিদিন ডিজিটেল' প্ৰতিদিন গোষ্ঠী প্ৰতিদিন টাইম প্ৰতিদিন মিডিয়া নেটৱৰ্ক