অপাৰেচন সিন্দূৰ : শংকিত হৈছে কেইবাগৰাকী বিদেশী ক্ৰিকেটাৰ

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ প্ৰভাৱ বৈৰী দেশখনৰ ক্ৰিকেটতো পৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ আৰ্হিত সম্প্ৰতি পাকিস্তানত চলি আছে পাকিস্তান ছুপাৰ লীগ চমুকৈ পি এছ এল। 

author-image
Asomiya Pratidin
New Update
Operation Sindoor: Several foreign cricketers are scared

Operation Sindoor: Several foreign cricketers are scared

ডিজিটেল ডেস্ক : পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ প্ৰভাৱ বৈৰী দেশখনৰ ক্ৰিকেটতো পৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ আৰ্হিত সম্প্ৰতি পাকিস্তানত চলি আছে পাকিস্তান ছুপাৰ লীগ চমুকৈ পি এছ এল। 

এই প্ৰতিযোগিতাখনত ঘৰুৱা ক্ৰিকেটাৰৰ উপৰি আছে বিদেশৰ ভালেকেইগৰাকী তাৰকা খেলুৱৈ। পিছে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ পাছতে প্ৰাণৰ শংকাত ভুগিছে বিদেশ ক্ৰিকেটাৰসকল। 

পাকিস্তান এৰাৰ সিদ্ধান্ত লৈছে কেইবাগৰাকী বিদেশী তাৰকা ক্ৰিকেটাৰে। হয়তো এই সময়ছোৱাত পি এছ এল স্থগিত ৰাখিব লগা হ’বও পাৰে। অৱশ্যে এই ক্ষেত্ৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে কোনো আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰা নাই। 

উল্লেখযোগ্য যে, বৰ্তমান পি এছ এলত খেলি আছে অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্ণাৰ, নিউজিলেণ্ডৰ কেন উইলিয়ামছনকে ধৰি কেইবাগৰাকী খেলুৱৈয়ে।

ভাৰত পাকিস্তান ক্ৰিকেট